আজি ৰাজ্যৰ তিনিটা স্থানত বান পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

ৰাজ্যত বলিয়া বানৰ সংহাৰী ৰূপ।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ উপনৈ সমূহ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত বানৰ কবলত পৰিছে শ শ গাঁও।

ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে সৃষ্টি হৈছে বান পানী।

বাঢ়নী পানীয়ে প্ৰতিখন জিলাতে সৃষ্টি কৰিছে জটিল ৰূপ।

ইয়াৰ মাজতে আজি ৰাজ্যৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰঙিয়া, কমলপুৰ আৰু দৰঙৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্রথমে পৰ্যবেক্ষণ কৰিব ৰঙিয়াৰ বান পৰিস্থিতি।

তাৰ পিছত দৰঙৰ ছিপাঝাৰলৈ যাব মুখ্যমন্ত্রী ড০ শৰ্মা।