জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ বৃহৎ সফলতাঃ অভিযানত নিহত ৪ সন্ত্ৰাসবাদী

নিউজ ডেস্কঃ ভূস্বৰ্গ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধো কঠোৰ হৈছে নিৰাপত্তাৰক্ষী। জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সেনা-আৰক্ষীয়ে অভিযান চলাই কেইবাজনো দুধৰ্ষ সন্ত্ৰাসবাদীক পৰাভূত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে এইবাৰ দক্ষিণ কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী কাশ্মীৰ আৰক্ষীৰ হাতত নিহত হয়।

সেনা আৰু আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই কুলগামত দুজন সন্ত্ৰাসবাদীক হত্যা কৰাৰ উপৰি অনন্তনাগতো দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়। নিহত আটাইকেইজনেই হিজাব উল মুজাহিদীনৰ সদস্য বুলি জানিব পৰা গৈছে।

কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, কুলগামত নিহত সন্ত্ৰাসবাদী দুজনৰ এজন কাশ্মীৰী পণ্ডিত তথা শিক্ষয়িত্ৰী ৰজনী বালাৰ হত্যাৰ সৈতে জড়িত আছিল।

উল্লেখ্য যে, যোৱা মাহত কুলগামৰ গোপালপুৰা হাইস্কুলত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল শিক্ষয়িত্ৰী ৰজনী বালাক। এই হত্যাকাণ্ডৰ পিছতে মিছিপোৰা অঞ্চলত অভিযান অব্যাহত ৰাখিছিল সেনা আৰু আৰক্ষীয়ে।

ইফালে, অনন্তনাগৰ কোকেৰনাগ অঞ্চলত দুজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। সন্ত্ৰাসবাদী দুজনৰ নাম জুনাইদ আৰু বাসিত বুলিু জানিব পৰা গৈছে। ইয়াৰ ভিতৰত বাসিত নামৰ এজন সন্ত্ৰাসবাদীজন গাওঁবুঢ়া ৰছুল দাৰ আৰু তেওঁৰ পত্নীৰ হত্যাৰ সৈতে জড়িত আছিল বুলি নিশ্চিত কৰা হৈছে।