শােকাৱহ! বানত উটি গ’ল বাইক, প্ৰাণ গ’ল কােচ-ৰাজবংশী সন্মিলনীৰ উপ-সভাপতিৰ

নিউজ ডেস্ক। ৰাজ্যত বান, গৰাখহনীয়া আৰু ভূমিস্ফলনৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ ঘটনা।

বাঢ়নী পানীত নিয়ন্ত্ৰণ হেৰুৱাই উটি গ’ল বাইকসহ দুজন লােক।

এই ঘটনা সংঘটিত হ’ল কােকৰাঝাৰত।

জানিব পৰা মতে, বিটিএডি কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি মিলন ৰায়ে টিলাপাৰাৰ নিজৰ ঘৰৰ পৰা এজন আত্মীয়ৰ সৈতে বাইকেৰে গৈ থাকােতে মেধিপাৰাত দুৰ্ঘটনাত পতিত হয়।

1 4
শােকাৱহ! বানত উটি গ’ল বাইক, প্ৰাণ গ’ল কােচ-ৰাজবংশী সন্মিলনীৰ উপ-সভাপতিৰ 2

বাঢ়নী পানীত তেওঁলােকৰ বাইকখন নিয়ন্ত্ৰণহীন হৈ মূল পথৰ পৰা গভীৰ পানীত পৰে।

এই ঘটনাত বাইক চালক জিতু ৰায় নামৰ আত্মীয়গৰাকী কথমপি প্ৰাণৰক্ষা পৰে যদিও বাইকৰ পিছফালে বহি থকা মিলন ৰায় গভীৰ পানীত ডুব যায়।

স্থানীয় ৰাইজে গভীৰ পানীৰ পৰা মিলন ৰায়ক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মিলন ৰায়ক মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫২ বছৰ।

মিলন ৰায়ে মৃত্যুৰ সময়তে ইহ সংসাৰত পত্নী আৰু দুই কন্যা এৰি থৈ যায়।