অসম চৰকাৰৰ নতুন নিয়ম।
এতিয়াৰে পৰা অসমৰ প্ৰত্যেক খন গাওঁত ঘৰ নিৰ্মাণৰ বাবে ল’ব লাগিব পঞ্চায়তৰ অনুমতি।
লগতে নতুন নিয়ম অনুসৰি গৃহ নিৰ্মাণৰ অনুমতিৰ বাবদ গাঁওবাসীয়ে ভৰিব লাগিব অতিৰিক্ত ধন৷
বিধানসভাত এই নিয়মৰ তীব্ৰ বিৰোধিতা কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।
বিধানসভাত প্লে’কাৰ্ড দেখুৱাই প্ৰতিবাদ অখিল গগৈৰ।
অখিল গগৈয়ে কয়- ‘বিজেপিয়ে গাঁৱৰ লোকসকলক ধ্বংস কৰিব বিচাৰিছে।’
অসমীয়াই বিহু উদযাপনৰ ক্ষেত্ৰত BJP, RSSৰ অনুমতি ল’ব লাগিব নেকি বুলি প্ৰশ্ন কৰে অখিলে।
গগৈয়ে কয়- এই ব্যৱস্থা জাতিধ্বংসী আৰু গাওঁ অঞ্চলক ধ্বং কৰাৰ চেষ্টা কৰিছে। যিসময়ত গৱত মানুহ অৰ্থনৈতিক দুৰৱস্থাত ভুগিছে তেনে সময়ত এই ব্যৱস্থা দৰ্ভাগ্যজনক। গাঁৱত আয়োজন কৰা যি কোনো সাংস্কৃতিক অনুস্থানৰ বাবে দিব লগা কৰ আৰু অনুমতি লজ্যাজনক।
ইপিনে বিধানসভাৰ ভিতৰত প্ৰতিবাদ কৰাৰ বাবে অধ্যক্ষৰ সকীয়নী অখিল গগৈক।









