কৃত্ৰিম বান আৰু ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী, এই পৰ্যন্ত ৫জন লোকৰ মৃত্যু…

সোমবাৰৰ নিশাৰে পৰা অহা প্ৰৱল বৃষ্টিপাতৰ ফলত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে গুৱাহাটী মহানগৰী।

সমগ্ৰ গুৱাহাটী পানীৰ তলত। স্তব্ধ যাতায়ত ব্যৱস্থা। বন্ধ ঘোষণা শিক্ষানুষ্ঠান।

image 124
কৃত্ৰিম বান আৰু ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী, এই পৰ্যন্ত ৫জন লোকৰ মৃত্যু... 6

সমগ্ৰ মহানগৰী কৃত্ৰিম বানৰ কৱলত পৰাৰ লগতে ভূমিস্খলনে ৪ জন লোকৰ প্ৰাণ কাঢ়িলে।

আনহাতে অনিল নগৰত আন এজন লোকৰ বানৰ কৱলত পৰি মৃত্যু হৈছে।

পশ্চিম বৰাগাঁও নিজৰাপাৰত হোৱা ভয়ানক ভূমিস্খনলৰ ফলত ৪ গৰাকী শ্ৰমিকৰ মৃত্যু হৈছে।

image 126
কৃত্ৰিম বান আৰু ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী, এই পৰ্যন্ত ৫জন লোকৰ মৃত্যু... 7

নেৰানেপেৰা বৰষুৰ ফলত ঢিলা হৈ পৰা পাহাৰৰ মাটি খহি আহি এটা ঘৰ হেঁচা মাৰি ধৰে। যাৰ ফলত সেই মাটিৰ মাজত আৱদ্ধ হৈ মৃত্যুমুখত পৰে ৪জনকৈ লোকে।

মৃত্যু হোৱা শ্ৰমিক কেইজনৰ নাম মনোৱাৰ হুছেইন( ধুবুৰী), মফিজুল হক (কোকৰাঝাৰ), আমৰুল হক (গোলকগঞ্জ) আৰু হাচানুৰ আলি (কোকৰাঝাৰ)।

আনহাতে জটিল ৰূপ ধাৰণ কৰা অনিল নগৰৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে ব্যক্তিগৰাকীৰ।

মৃত লোকজনৰ নাম ৰাম প্রসাদ বণিক্য।

image 127
কৃত্ৰিম বান আৰু ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী, এই পৰ্যন্ত ৫জন লোকৰ মৃত্যু... 8

উল্লেখ্য যে, অনিল নগৰত খহি পৰিছে ভৰলুৰ গাৰ্ড ৱাল। পূৰ্বৰে পৰা খহি আছিল এই গাৰ্ড ৱাল। আজি পুনৰ জোনালীৰ সমিপত গাৰ্ড ৱাল খন খহি পৰাত ভৰলুৰ পানী উফন্দি বসতিপূৰ্ণ অনিল নগৰ, তৰুণ নগৰ, নবীন নগৰ আদি একাধিক অঞ্চল বুৰাই পেলাইছে।

বৰাগাঁৱৰ বাহিৰেও গীতানগৰ, চান্দমাৰী, বামুণীমৈদাম, জ্যোতিনগৰতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। নৱগ্রহতো ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে পথ। খহি পৰিছে গাৰ্ড ৱাল।

image 128
কৃত্ৰিম বান আৰু ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী, এই পৰ্যন্ত ৫জন লোকৰ মৃত্যু... 9

গুৱাহাটী মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ পৰীক্ষা বাতিল। জু ৰোডত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ সুৰক্ষা বেৰ উটুৱাই নিলে বান পানীয়ে।

ইপিনে ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।

image 125
কৃত্ৰিম বান আৰু ভূমিস্খলনত বিধ্বস্ত গুৱাহাটী, এই পৰ্যন্ত ৫জন লোকৰ মৃত্যু... 10

ভূমিস্খলন প্ৰৱণ এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবেও আহ্বান প্ৰশাসনৰ।

যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক 95082-09686 অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক 83760-29984 নম্বৰত অথবা প্ৰশাসনৰ টল ফ্ৰী নং 1077/93654-29314 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে।