মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰ্যালোচনা বৈঠক, নিৰ্দেশনা জাৰি…

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছতে আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম-কাজ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোক বিশেষ গতি দিবলৈ সক্ষম নোহোৱা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক লগত লৈ দেওবাৰে পৰ্যবেক্ষণ বৈঠকত বহিল মুখ্যমন্ত্ৰীগৰাকী।

এই বৈঠকৰ পাছতে নিমাতীঘাট-মাজুলীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তত চলি থকা ফেৰী সমূহৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰে।

নিৰ্দেশনা সমূহ হৈছে–

১) ছিংগল ইঞ্জিনৰ ফেৰী সেৱা বাতিল। দুখন ৰ’-পেক্সসহ চৰকাৰী ছয়খন ফেৰী মাজুলী-যোৰহাট সংযোগী হৈ চলাচল কৰিব৷

২) ১৯খন ব্যক্তিগত খণ্ডৰ ফেৰীত মেৰিন ইঞ্জিন আৰু উন্নত সেৱা সংযোজন কৰি ছয় মাহৰ ভিতৰত মাজুলী-যোৰহাট সংযোগী সেৱাত চলাচল কৰাৰ ব্যৱস্থা কৰা হ’ব৷

৩) ফেৰীত উঠাৰ পূৰ্বে সকলো যাত্ৰীয়ে লাইফ জেকেট পিন্ধিব লাগিব।

৪) ফেৰীত উঠা সকলো যাত্ৰীক টিকট দিয়া আৰু যাত্ৰীৰ নাম-ঠিকনা, যোগাযোগ নম্বৰ পঞ্জীয়ন কৰাতো বাধ্যতামূলক হ’ব৷ ইয়াৰ বাবে মাজুলীত এজন দণ্ডাধীশ আৰু যোৰহাটত এজন দণ্ডাধীশে সকলো তদাৰক কৰিব৷ দণ্ডাধীশ দুয়োজনে প্ৰতিদিনৰ প্ৰতিবেদন জিলা উপায়ুক্তৰ হাতত দাখিল কৰিব লাগিব৷

৫) ফেৰীৰ ইন্ধনৰ বাবে বিত্ত বিভাগৰ চিলিঙৰ প্ৰয়োজন নহ’ব।

৬) ফেৰী ঘাটসমূহলৈ সঘনে মাজুলী আৰু যোৰহাটৰ জিলা উপায়ুক্তই পৰিদৰ্শন কৰিব৷ আভ্যন্তৰীণ জল পৰিবহণৰ সঞ্চালক আৰু পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াসকলে সঘনাই ঘাটসমূহলৈ যাব লাগিব৷ ঘাটসমূহত প্ৰস্বাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব৷

৭) ফেৰীসমূহ যাতায়াতত ব্যৱহাৰ কৰাৰ বাবে অডিট হ’ব৷ উপযুক্ত আভ্যন্তৰীণ জল পৰিবহণ বিষয়াই জৰীপ কৰি ফেৰীসমূহ ব্যৱহাৰৰ বাবে উপযুক্ত বুলি ব্যৱহাৰযোগ্য পত্ৰ দিয়াৰ ব্যৱস্থা কৰিব য৷ সকলো ফেৰীৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব৷

৮) ফেৰী চালক, পৰিচালক আৰু ঘাটত থকা নিয়ন্ত্ৰকৰ মাজত উপযুক্ত নেটৱৰ্কৰ দ্বাৰা যোগাযোগ ৰক্ষা কৰিব লাগিব৷ চৰকাৰে ঘাটৰ তত্ত্বাৱধায়কক SIM যোগান ধৰিব৷

৯) ফেৰীৰ মাষ্টাৰ আৰু ক্ৰিউসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব। মাজুলীত এটা SDRFৰ দলে কেম্প কৰি থাকিব৷

১০) প্ৰতিটো ঘাটত স্বাস্থ্য কেম্প স্থাপন কৰা হ’ব৷ অভাৰলোড কোনোপধ্যেই কৰিব নোৱাৰিব৷ ফেৰীৰ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অনুমতি বাধ্যতামূলক৷

১১) ৰাজ্যৰ ৮৫০খন ব্যক্তিগত নাঁৱত মেৰিন ইঞ্জিন সংযোগ বিনামূলীয়াকৈ চৰকাৰে কৰি দিব৷ এয়া জীৱনদিঙা আঁচনিৰ অধীনত হ’ব।

Leave a Comment