শােকাৱহ! নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল স্কৰপিঅ’ বাহন! একেটা পৰিয়ালৰ ৯ জনৰ মৃত্যু

নিউজ ডেস্ক। মাজনিশা নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কৰপিঅ’ বাহন পথৰ দাঁতিৰ পুখুৰীত বাগৰি পৰাৰ ফলত অকাল মৃত্যুক সাৱটি লয় একেটা পৰিয়ালৰ ৯ জন সদস্যই।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়া জিলাত।

জানিব পৰা মতে, একেটা পৰিয়ালৰ ১১ গৰাকী সম্পৰ্কীয় লোকে শুকুৰবাৰে নিশা এক পাৰিবাৰিক অনুষ্ঠানত অংশ লৈ কিষাণগঞ্জ জিলাৰ নুনিয়া গাঁৱৰ ঘৰলৈ উভতি আহিছিল।

287403771 754861002202041 3352469971154926003 n
শােকাৱহ! নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল স্কৰপিঅ’ বাহন! একেটা পৰিয়ালৰ ৯ জনৰ মৃত্যু 3

কিন্তু পৰিয়ালটোৱে যাত্ৰা থকা স্কৰপিঅ’ বাহনখন নিশা প্ৰায় ডেৰ বজাত নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিৰ বঁটা পুখুৰীত বাগৰি পৰে।

ইফালে পুৱা স্থানীয় লোকে পুখুৰীটোত ডুব গৈ থকা বাহনখন দেখি আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰে।

2
শােকাৱহ! নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল স্কৰপিঅ’ বাহন! একেটা পৰিয়ালৰ ৯ জনৰ মৃত্যু 4

কিন্তু নিশাই সংঘটিত দুৰ্ঘটনাৰ ফলত ইতিমধ্যেই প্ৰাণ হেৰুৱায় ৯ জনে। আহত বাকী দুজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।

নিহত আৰু আহত আটাইকেইজন একেটা পৰিয়ালৰ আত্মীয়-স্বজন বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চালক টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

নিহতসকলৰ নামঃ গংগা প্ৰসাদ যাদৱ, তাণ্ডৱ লাল যাদৱ, কৰণ লাল যাদৱ, অমৰচন্দ যাদৱ, কালিচৰণ যাদৱ, ৰামকিষণ যাদৱ, গুলাব চান্দ যাদৱ আৰু মানিক লাল।

আটাইকেইজন একেটা পৰিয়ালৰ।

নিহত আটাইকেইজন কিষাণগঞ্জ জিলাৰ মহেগাঁও পঞ্চায়তৰ নুনিয়া গাঁৱৰ বাসিন্দা।

স্থানীয় ৰাইজে জনোৱা মতে, বাহনখনৰ তীব্ৰগতি আৰু চালকৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হয়।