ভয়ংকৰ ঘটনা! ৰাজপথত নিৰ্বিচাৰ গুলীচালনা ‘আত্মঘাতী’ আৰক্ষী জােৱানৰ, মৃত ২

নিউজ ডেস্ক। শুকুৰবাৰে দিন দুপৰতে এক ভয়ংকৰ ঘটনা সংঘটিত হ’ল পশ্চিম বংগৰ ৰাজধানী চহৰ কলকাতাৰ পাৰ্ক চাৰ্কাছ এলেকাত।

নিজ ছাৰ্ভিচ ফাইফলেৰে নিৰ্বিচাৰ গুলীচালনা কৰি কেবাজন পথচাৰীক গুলীবিদ্ধ কৰে এগৰাকী আৰক্ষী জােৱান।

G1 7
ভয়ংকৰ ঘটনা! ৰাজপথত নিৰ্বিচাৰ গুলীচালনা 'আত্মঘাতী' আৰক্ষী জােৱানৰ, মৃত ২ 3

ইয়াৰ পিছতে নিজেও আত্মঘাতী হয় জােৱানগৰাকী।

এই গুলীচালনাত এগৰাকী যুৱতীৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটাৰ লগতে আন এজন বাইক আৰােহী গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছে।

মৃত যুৱতীগৰাকীৰ নাম ৰীমা সিং (২৮) বুলি জানিব পৰা গৈছে। অহা মাহত যুৱতীগৰাকী বিয়াত বহাৰ কথা আছিল বুলি জনাইছে পৰিয়ালৰ লােকে।

ইপিনে, জােৱানজনে প্ৰায় ১৫ ৰাউণ্ড গুলী ফুটােৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে।

p4
ভয়ংকৰ ঘটনা! ৰাজপথত নিৰ্বিচাৰ গুলীচালনা 'আত্মঘাতী' আৰক্ষী জােৱানৰ, মৃত ২ 4

মৃত ৰীমা সিং (২৮)

এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

জানিব পৰা মতে, এবছৰ পূৰ্বেই কলকাতাত চাকৰিত যোগদান কৰিছিল আৰক্ষী জোৱানজনে।

মৃত জােৱানজনৰ নাম চদুপ লেপচা।

এই জােৱানজন পাৰ্ক চাৰ্কাছৰ বাংলাদেশৰ দূতাবাসৰ সমীপত কৰ্তব্যৰত আছিল তেওঁ।

এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে কলকাতা আৰক্ষীয়ে।

মানসিক অৱসাদৰ ফলতে জােৱানজনে এই ঘটনা সংঘটিত কৰাৰ অনুমান কৰা হৈছে।