পুনৰ ৬ মাহৰ বাবে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা।
ৰাজ্য চৰকাৰে পুনৰ ছয় মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছে অসমক।
সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন-১৯৫৮ চমুকৈ আফছাৰ ৩ নং দফাৰ অধীনত ২৮-০৮-২০২১ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ অসমক পুনৰ ছয় মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হয়।
ইয়াৰ পূৰ্বে ২৭ ফেব্ৰুৱাৰিত ছয় মাহৰ বাবে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিছিল ৰাজ্যপাল জগদীশ মুখীয়ে।
শনিবাৰে সাংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক জাননীত এই কথা প্ৰকাশ কৰা হয়।
অৱশ্যে, অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ কোনো নিৰ্দিষ্ট কাৰণ উল্লেখ কৰা হোৱা নায় জাননীখনত।









