অনুশীলনত ব্যস্ত অলিম্পিকত পদক জয়ী প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই।
আগন্তুক পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে অনুশীলনত ব্যস্ত লাভলীনা বৰগোহাঁই।
টুইটাৰত অনুশীলনৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে অসমৰ বক্সাৰগৰাকীয়ে।
উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই ৩ ছেপ্টেম্বৰত সৰুপথাৰৰ বাৰমুখীয়াৰ আপোন গাঁৱৰ আপোন ঘৰখনক বিদায় জনাই বাংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হৈছিল।
আপোন ঘৰখনৰ পৰা অহাৰ পাছতেই এতিয়া নিতৌ কঠোৰ অনুশীলনত ব্যস্ত হৈছে অসমৰ বক্সাৰগৰাকী।
লাভলীনাৰ লক্ষ্য- ২০২৪ৰ পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণপদক৷
Feels good to be back where I belong. Ready! Set! Go! #BackInTraining #MissionParis2024 pic.twitter.com/XMYM1ukQVf
— Lovlina Borgohain (@LovlinaBorgohai) September 10, 2021









