অসম

শোকাৱহ! জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী টেংকি চাফা কৰিবলৈ গৈ ৩জনৰ কৰুণ মৃত্যু…

এক শোকাৱহ ঘটনা।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী টেংকি চাফা কৰিবলৈ গৈ কৰুণ মৃত্যু সাৱটিলে ৩জন লোকে।

মৃত শ্ৰমিক তিনিজন হ’ল চেলিম উদ্দিন লস্কৰ, নাজিম উদ্দিন লস্কৰ আৰু চামছুল আলম।

কাছাৰ জিলাৰ তোপখানাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। 

খবৰ অনুসৰি, শুকুৰবাৰে তোপখানাত তিনিজন শ্ৰমিকে ৱাটাৰ পাম্প লৈ ৰিজার্ভাৰ টেংকি চাফ কৰিবলৈ টেংকিৰ ভিতৰত সোমাইছিল।

পিছে টেংকিৰ ভিতৰত উশাহ-নিশাহ লোৱাত কষ্ট পাই ভিতৰতে চেলিম উদ্দিন নামৰ এজন শ্ৰমিকৰ মৃত্যু হয়।

ইফালে সংকটজনক অৱস্থাত আন দুজনক স্থানীয় লোকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ লৈ যায়।

কিন্তু মেডিকেল কলেজতে নাজিম উদ্দিন আৰু চামছুল আলমৰ মৃত্যু হয়।

কোনো সুৰক্ষা অবিহনে কামত নিয়োজিত কৰা এই তিনিজন শ্ৰমিকৰ মৃত্যুৰ পাছতে স্থানীয় লোক সকলে মৃতদেহ লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সম্মুখতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

স্থানীয় লোকৰ অভিযোগ ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ গাফিলতিত শ্ৰমিক তিনিজনৰ মৃত্যু হৈছে।

ইয়াৰ উপৰি স্থানীয় লোকে মৃত শ্ৰমিক কেইজনৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰ্থিক সাহায্যৰ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *