অসম

মাজুলীত পুনৰ শোকাৱহ ঘটনাঃ ব্ৰহ্মপুত্ৰত পৰি দুজনী কণমানি সলিল সমাধি…

মাজুলীত পুনৰ সংঘটিত হৈছে শোকাৱহ ঘটনা।

ব্ৰহ্মপুত্ৰত পৰি দুজনী কণমানি সলিল সমাধি।

মাজুলীৰ আঁহতগুৰিৰ হুটাৰত দুগৰাকী কনমানি ছোৱালী ব্ৰহ্মপুত্ৰৰ এৰাসুতিত পৰি মৃত্যু হয়।

নিহত কিশোৰী দুগৰাকী ছিলচিলি দাস(৭) আৰু উষা দাস(৬) বুলি জানিব পৰা গৈছে।

ব্ৰহ্মপুত্ৰৰ এৰাসুতিত গা ধুই কলৰ ভূৰত খেলি থকা অৱস্থাতে পৰি যায় আৰু সলিল সমাধি ঘটে।

ইতিমধ্যে স্থানীয় এজন যুৱকে উদ্ধাৰ কৰিছে কিশোৰী দুগৰাকীৰ মৃতদেহ।

উদ্ধাৰ হোৱাৰ পিছত স্থানীয় লোকে পেটৰ পৰা পানী উলিয়াবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈ মৃত্যুক সাৱতি লয় কণমানি দুজনিয়ে।

উক্ত ঘটনাটোৱে দুয়োখন ঘৰতে সৃষ্টি কৰিছে শোকাকুল পৰিবেশেৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *