গেৰেজত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই হ’ল ১৩ খনকৈ চাৰিচকীয়া বাহন…

চিৰাঙৰ চাপাগুৰিত এটা গেৰেজত ভয়ংকৰ অগ্নিকাণ্ড।

জ্বলি ছাই হ’ল ১৩ খনকৈ বিভিন্ন কোম্পানী চাৰিচকীয়া বাহন।

দিদি মটৰচ নামৰ এটা পুৰণি চাৰিচকীয়া বাহন মজুত ৰখা গেৰেজত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

image 20
গেৰেজত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই হ’ল ১৩ খনকৈ চাৰিচকীয়া বাহন... 3

অগ্নিকাণ্ডৰ ফলত ১৩ খনকৈ বিভিন্ন কোম্পানী তথা মডেলৰ চাৰিচকীয়া পুৰণি বাহন ভস্মীভূত হয়।

কিন্তু কেনেকৈ গেৰেজটোত জুইৰ সূত্ৰপাত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

image 21
গেৰেজত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই হ’ল ১৩ খনকৈ চাৰিচকীয়া বাহন... 4

অৱশেষত স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

দিদি মটৰচৰ স্বত্বাধিকাৰী জনৰ নাম ৰমেন ডেকা বুলি জানিব পৰা গৈছে।

Leave a Comment