অসম

জ্যোতিষীৰ ঘৰত চোৰৰ চাফাই অভিযান! লুটি নিলে নগদ ধনসহ ৩ লক্ষাধিক টকাৰ সা-সম্পত্তি…

এইবাৰ জ্যোতিষীৰ ঘৰত চোৰৰ চাফাই অভিযান।

লুটি নিলে নগদ ধনসহ ৩ লক্ষাধিক টকাৰ সা-সম্পত্তি।

নগাঁও জিলাৰ ৰহাত ৰণ্টু শৰ্মা নামৰ লোকজনৰ ঘৰত বুধবাৰে দিন-দুপৰতে চোৰে চলালে লুটপাট।

image 23

পেছাত এগৰাকী জ্যোতিষী ৰণ্টু শৰ্মাই সেই সময়ত নিজৰ চেম্বাৰত থকাৰ বিপৰীতে শৰ্মাৰ পত্নীয়ে পঢ়াশালিৰ পৰা নিজৰ কন্যা সন্তানক আনিবলৈ গৈছিল।

সেই সময়তে চোৰে ৰণ্টু শৰ্মাৰ ঘৰৰ পিছফালৰ চৌহদৰ দেৱাল পাৰ হৈ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি আ-অলংকাৰ সহ নগদ ধন লুটি লৈ যায়।

image 22

পিছত পত্নী আহি ঘৰত পোৱাৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

পৰৱৰ্তী সময়ত ৰণ্টু শৰ্মাই ঘটনা সন্দৰ্ভত ৰহা আৰক্ষীক অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে।

লগতে চাওকঃ

আজব ঘটনা! জ্যেষ্ঠ আৰক্ষী বিষয়াক উৎকােচ দিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল এএছআই

G3 2

Leave a Reply

Your email address will not be published. Required fields are marked *