অসম

নিমাতীঘাট নাও দুৰ্ঘটনাঃ পত্নীক উদ্ধাৰ কৰি আনক বচাবলৈ যোৱা জান বৰা এতিয়াও নিখোজ…

নিমাতীঘাটৰ অভিশপ্ত নাও দুৰ্ঘটনা।

ইতিমধ্যে এই নাও দুৰ্ঘটনাৰ ফলত অকাল মৃত্যুক আকোৱালি লৈছে প্ৰতিভাসম্পন্ন প্ৰবক্তা পৰিমিতা দাসে।

কিন্তু এতিয়াও সন্ধানহীন লখিমপুৰৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰা আৰু চিকিৎসক বিক্ৰমজিত বৰুৱাৰ।

পত্নীৰ সৈতে ঢেকীয়াখোৱা নামঘৰলৈ গৈছিল ইন্দ্ৰেশ্বৰ বৰাই।

পত্নী ৰূপৰেখা সেনাপতি বৰাক উদ্ধাৰ কৰি আন যাত্ৰীক জীৱন ৰক্ষা কৰিবলৈ গৈ এতিয়াও সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰা।

স্বামীক বিচাৰি কান্দি-কান্দি অচেতন হৈ পৰিছে পত্নী ৰূপৰেখা সেনাপতি বৰা।

কান্দোনত ভাগি পৰিছে বৃদ্ধা পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন।

Leave a Reply

Your email address will not be published. Required fields are marked *