পহিলা জুনৰ দিনাই এক ভাল খবৰ।
হ্ৰাস পালে ১৯ কেজিৰ চিলিণ্ডাৰৰ দাম।
১৩৫ টকাকৈ হ্ৰাস পলে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
উল্লেখ্য যে, পেট্ৰ’ল-ডিজেল-ৰন্ধনগেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰি আহিছে।
কিছুদিন পূৰ্বে প্ৰায় ১০ টকা হ্ৰাস পাইছিল পেট্ৰ’ল-ডিজেলৰ দাম।
এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাসে সাধাৰণ জনতাক কিছু সকাহ প্ৰদান কৰিছে।









