জীন্দেগী দো প’ল কী… বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী কে কে আৰু নাই…

ভাৰতীয় সংগীত জগতত বাবে এক দুঃখবৰ।

সংগীতৰ মাজেৰেই হেৰাই গ’ল বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী কে কে।

image
জীন্দেগী দো প’ল কী... বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী কে কে আৰু নাই... 4

কলকাতাৰ গুৰুদাস কলেজৰ এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ মাজতেই বাৰে বাৰে অসুস্থ হৈ পৰা কে কেক পৰিৱৰ্তি সময়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ ইহজগতৰ পৰা বিদায় মাগে।

কোনোৱেই মানি ল’ব পৰা নাই প্ৰিয় শিল্পীজনৰ মৃত্যুৰ বাতৰি।

image 1
জীন্দেগী দো প’ল কী... বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী কে কে আৰু নাই... 5

মাত্ৰ কেইটমান মুহূৰ্তৰ আগলৈকে হাজাৰ হাজাৰ দৰ্শকক নিজৰ সংগীতৰ মায়াজালেৰে মোহাছন্ন কৰি ৰখা কে কেৰ যে তেনেদৰে মৃত্যু হ’ব পাৰে সেই কথা আছিল কল্পনাৰো অতীত।

১৯৯০ৰ দশকৰ পৰা বৰ্তমানলৈকে নিজৰ প্ৰতিভাৰে বহু দৰ্শক-শ্ৰোতাক মুগ্ধ কৰি ৰখা কে কেৰ অকাল মৃত্যুত ম্ৰিয়মাণ দেশবাসী।

image 2
জীন্দেগী দো প’ল কী... বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী কে কে আৰু নাই... 6

কে কেৰ সম্পূৰ্ণ নাম আছিল কৃষ্ণ কুমাৰ কুন্নাথ।

বাংলা, হিন্দী, তামিল, কানাড়া, মালায়ালম, মাৰাঠী, অসমীয়া ভাষাত সুৱদী কণ্ঠ নিগৰাইছিল শিল্পীগৰাকীয়ে।

‘কাজল তুমি’ কে কেৰ অন্যতম এক জনপ্ৰিয় অসমীয়া গান।

শিল্পীগৰাকীৰ এই আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Leave a Comment