নিউজ ডেস্ক। উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ চিমেণ্ট নির্মাণ কোম্পানী টপচেম চিমেণ্টে, “টপচেম সমৃদ্ধি আঁচনি” (TOPCEM Samriddhi Scheme) শীর্ষক আঁচনি এখন মুকলি কৰাৰ ঘোষণা কৰিছে।
এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ পদ্মভূষণ সুনীল মনোহৰ গাভাস্কাৰে।
“টপচেম সমৃদ্ধি আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানৰ সময়ত সুনীল এম গাভাস্কাৰৰ সৈতে উপস্থিত আছিল মেঘালয় চিমেণ্টছ লিমিটেডৰ সঞ্চালক বজ্ৰৰং লোহিয়া, মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ এণ্ড মার্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰসহ মেঘালয় চিমেণ্টছ লিমিটেডৰ আন বহু জ্যেষ্ঠ বিষয়া।
পাঁচ মাহৰ বাবে শুভাৰম্ভ কৰা এই আঁচনিখন সকলোতকৈ অভিনৱ প্ৰকাৰৰ আঁচনি, যত টপচেম চিমেণ্ট ব্যৱহাৰ কৰি মিন্ত্ৰীসকলে কাম কৰিব আৰু ইনচেণ্টিভ লাভ কৰিব।

টপচেম চিমেণ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে সুনীল এম গাভাস্কাৰে প্ৰথমবাৰলৈ এই চিমেণ্টৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে।
অনুষ্ঠানটোত তেওঁ কয়; “এই আঁচনিখন আৰম্ভ কৰাটো মোৰ বাবে এক উত্তম সুযোগ, যাৰ দ্বাৰা মিস্ত্রীসকল লাভান্বিত হ’ব। মই এই আঁচনিখনে এক ডাঙৰ সফলতা লাভ কৰাৰ কামনা কৰো।”
মেঘালয় চিমেণ্টছ লিমিটেডৰ সঞ্চালক বজৰং লোহিয়াই কয়; “এই আঁচনিৰ শুভাৰম্ভৰ সময়ত সুনীল এম গাভাস্কাৰ উপস্থিত আছিল বাবে টপচেম চিমেণ্ট ধন্য হৈছে আৰু তেওঁ কৈছে যে টপচেম চিমেন্টে সমাজৰ সকলো ধৰণৰ বিকাশত বিশ্বাস কৰে আৰু এই আঁচনিৰ দ্বাৰা টপচেম ব্ৰেণ্ড বিকাশত সদায় যত্ন লোৱা মিন্ত্ৰীসকল প্রত্যক্ষভাৱে লাভাম্বিত হ’ব।”
মেঘালয় চিমেণ্টছ লিমিটেডৰ চেলছ এণ্ড মার্কেটিঙৰ অধ্যক্ষ ডঃ অনিল কাপুৰে কয়, “টপচেমে সদায়ে সমাজৰ নিম্নতম স্তৰৰ সেৱাৰ বাবে বিভিন্ন আঁচনি বিকশিত কৰিছে। মিস্ত্রীসকলে নির্মাণ জগতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকৰ বাবে আমি এনে আঁচনি ঘোষণা কৰি সৌভাগ্য অনুভৱ কৰোঁ।”









