বিদ্যালয়ৰ চৌহদত ছাত্ৰীক বলাৎকাৰ কৰা লম্পট শিক্ষকক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আদালতৰ

নিউজ ডেস্কঃ শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড বিহা হ’ল এজন লম্পট শিক্ষকক।

সোমবাৰে গোৱালপাৰাৰ সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ আদালতে লম্পট শিক্ষকজনৰ বিৰুদ্ধে প্ৰদান কৰে এই ঐতিহাসিক ৰায়।

উল্লেখ্য যে, ২০১৮ চনৰ ১ এপ্ৰিলত গোৱালপাৰা চহৰৰ বাপুজী নগৰস্থিতি চায়েন্স একাডেমী নামৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হৈছিল এই লজ্জাজনক কাণ্ড।

শিক্ষানুষ্ঠানখনৰ যোগ শিক্ষক হুমায়ুন কবিৰে স্কুল ব্লকত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই সন্দৰ্ভত ভুক্তভূগী ছাত্ৰীগৰাকীৰ পৰিয়ালে গোৱালপাৰা সদৰ থানাত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে পকছো আইনৰ অধীনত লম্পট হুমায়ুন কবিৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

photo1653970195
বিদ্যালয়ৰ চৌহদত ছাত্ৰীক বলাৎকাৰ কৰা লম্পট শিক্ষকক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আদালতৰ 2

উক্ত গোচৰ সন্দৰ্ভত আৰক্ষীয়ে আদালতত চার্জশ্বীট দাখিল কৰাত আদালতে আইনী প্রক্ৰিয়াৰে হুমায়ুন কবিৰক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহে। লগতে অপৰাধী শিক্ষকজনক ৫০ হাজাৰ টকাৰ জৰিমণাও বিহে সত্ৰ ন্যায়াধীশৰ আদালতে।

একেটা ৰায়দানৰ জৰিয়তে বিদ্যালয়ৰ প্ৰধান শিক্ষক খনিন দাস আৰু সহঃ শিক্ষক নজমূল হকক দোষমুক্ত ঘোষণা কৰাৰ লগতে অসম চৰকাৰক জিলা আইন সেৱা প্ৰাধিকাৰীৰ জৰিয়তে ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ নির্দেশ দিয়ে বুলি চৰকাৰী পক্ষৰ হৈ তথা ভুক্তভোগীৰ হৈ ওকালতি কৰা অধিবক্তা সঞ্জয় শর্মাই জানিবলৈ দিয়ে।

উল্লেখ্য যে বিতর্কিত ছায়েন্স একাডেমীত সংঘটিত এই ঘটনাৰ পিছতে কৌশলগতভাৱে নাম সলনি কৰিছিল শিক্ষানুষ্ঠানখনৰ।

Leave a Comment