ৰাজ্যৰ বিশিষ্ট শব্দযন্ত্ৰী- বাদ্যযন্ত্ৰী অসীম দাসৰ অকাল বিয়ােগ, সাংস্কৃতিক জগতত শোক

নিউজ ডেস্ক। অসমৰ প্ৰসিদ্ধ শব্দযন্ত্ৰী, বাদ্যযন্ত্রী অসীম দাস ওৰফে আপেলৰ অকাল বিয়ােগ।

লখিমপুৰৰ পানীগাঁৱৰ হৰিপুৰ নিবাসী অসীম দাস (৪৪)ৰ সােমবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়।

উল্লেখ্য যে ক’ভিডকালীন পৰিস্থিতিৰ বাবে অসীম দাসে ২০১৩ চনতে প্ৰতিষ্ঠা কৰা ‘ষ্টুডিঅ’ ৱান’ নামৰ ৰেকর্ডিং ষ্টুডিঅ’ বন্ধ হৈ পৰাত আর্থিক সংকটত ভুগি শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল।

5 2
ৰাজ্যৰ বিশিষ্ট শব্দযন্ত্ৰী- বাদ্যযন্ত্ৰী অসীম দাসৰ অকাল বিয়ােগ, সাংস্কৃতিক জগতত শোক 4

ইয়াৰ পিচত তেওঁ পৰিয়ালসহ গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত ভাড়াঘৰ লৈ বসবাস কৰাৰ সমান্তৰালকৈ ব্যৱসায় আৰম্ভ কৰে।

এনেদৰে কিছুদিন ব্যৱসায়-বাণিজ্যত মনোনিবেশ কৰা অসীম দাসে পৰৱৰ্তী সময়ত সপৰিয়ালে লখিমপুৰৰ পানীগাঁৱৰ হৰিপুৰৰ গৃহলৈ গুচি যায়।

p2 12
ৰাজ্যৰ বিশিষ্ট শব্দযন্ত্ৰী- বাদ্যযন্ত্ৰী অসীম দাসৰ অকাল বিয়ােগ, সাংস্কৃতিক জগতত শোক 5

তেনে সময়তে হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ সদস্যই গুৱাহাটীৰ হায়াট হাস্পতালত ভৰ্তি কৰায়।

কিন্তু চিকিৎসাধীন অৱস্থাতে চিৰদিনলৈ বিদায় মাগে এইগৰাকী বিশিষ্ট শিল্পীয়ে।

photo 2022 05 31 08 06 30
ৰাজ্যৰ বিশিষ্ট শব্দযন্ত্ৰী- বাদ্যযন্ত্ৰী অসীম দাসৰ অকাল বিয়ােগ, সাংস্কৃতিক জগতত শোক 6

জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, মানস ৰবীনকে আদি কৰি বিশিষ্ট কণ্ঠশিল্পীসকলৰ গীত ৰেকৰ্ডিঙৰ জৰিয়তে ৰাজ্যবাসীৰ মাজত এক পৰিচিত নাম হৈ পৰিছল অসীম দাস।

মৃত্যুৰ সময়ত তেওঁ মাতৃসহ পত্নী, এটি সন্তান আৰু দুগৰাকী ভগ্নীক এৰি থৈ যায়।

Leave a Comment