ভয়ংকৰ দুৰ্ঘটনা! ৰে’লৰ ইঞ্জিনে মহতিয়াই নিলে এখন এল্টো বাহন…

এক ভয়ংকৰ দুৰ্ঘটনা।

ৰে’লৰ ইঞ্জিনে মহতিয়াই নিলে এখন এল্টো বাহন।

চাবুৱা পেট্ৰ’ল ডিপুৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

ডিব্ৰুগড় অভিমুখী ৰে’লৰ খুন্দাত এএছ০৬এডি০৯১১ নম্বৰৰ এল্ট’খনৰ বিস্তৰ ক্ষতিসাধন হয়।

image 185
ভয়ংকৰ দুৰ্ঘটনা! ৰে’লৰ ইঞ্জিনে মহতিয়াই নিলে এখন এল্টো বাহন... 3

ৰে’ল ক্ৰ’চিং পাৰ হ’বলৈ লওঁতেই সংঘটিত দুৰ্ঘটনাটো।

উন্মুক্ত ৰে’ল ক্ৰ’চিঙৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

দুৰ্ঘটনাটোত বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই।

image 186
ভয়ংকৰ দুৰ্ঘটনা! ৰে’লৰ ইঞ্জিনে মহতিয়াই নিলে এখন এল্টো বাহন... 4

ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে সন্ধানহীন হৈ আছে বাহনখনৰ চালক।

বাহনখনৰ চালকৰ সন্ধানহীনতাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। কিয়নো দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে বাহনখনত প্ৰত্যক্ষ কৰিছিল চালকজনক।

Leave a Comment