অসম

ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনে মহতিয়াই নিলে পাচলি ব্যৱসায়ী প্ৰবীন হালৈক, কৰুণ মৃত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাহনে মহতিয়াই নিলে এগৰাকী পাচলি ব্যৱসায়ীক।

নলবাৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কৈৰাৰাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত থিতাতে কৰুণ মৃত্যুক আকোৱালি লয় ৫০ঊৰ্ধৰ প্ৰবীন হালৈ নামৰ এগৰাকী লোকে।

উল্লেখ্য যে, নিহত প্ৰবীন হালৈৰ ঘৰ নলবাৰী জিলাৰ খাতখুটুৰাত বুলি জানিব পৰা গৈছে।

image 187

প্ৰতিদিনে চাইকেলেৰে শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছিল প্ৰবীন হালৈয়ে।

অইন দিনাৰ দৰে সোমবাৰেও প্ৰবীন হালৈয়ে ৰাতিপুৱাই ওলাই আছিল ব্যৱসায়লৈ। কিন্তু আৰু ঘূৰি নাহিল তেওঁ।

দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ এএছ০১ডিএন২৫৫৭ ।

জানিব পৰা মতে, প্ৰবীন হালৈয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওঁতেই উক্ত বাহনখনে মহতিয়াই নিয়ে। ফলত থিতাতে নিহত হয় পাচলি ব্যৱসায়ী প্ৰবীন হালৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *