মহানগৰীত পুনৰ ভুৱা আন্তঃৰাষ্ট্ৰীয় কল চেণ্টাৰ উৎখাত।
গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে মহানগৰীৰ উলুবাৰীত এক অভিযান চলাই ভুৱা আন্তঃৰাষ্ট্ৰীয় কল চেণ্টাৰটো উৎখাত কৰে।
লগতে কল চেণ্টাৰটোত কৰ্মৰত এজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে।
গ্ৰেপ্তাৰ হোৱা লোকজন বিহাৰৰ সমষ্টিপুৰৰ আদিত্য কুমাৰ বুলি জানিব পৰা গৈছে।
ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে ‘ভেনাছ বিজনেছ চলুশ্যন’ নামৰ কল চেণ্টাৰটোত অভিযান চলাইছিল যিটো হাইদৰাবাদৰ পৰা নিয়ন্ত্ৰণ হৈ আছিল বুলি জানিব দিয়ে।
অভিযোগ অনুসৰি কল চেণ্টাৰটোৰ জৰিয়তে বিদেশৰ কল সমূহ লোকেল কললৈ স্থানান্তৰিত কৰি ভাৰত চৰকাৰৰ কেইবা কোটি টকাৰ লোকচান কৰি আহিছিল।









