ৰাষ্ট্ৰীয়

মাদ্ৰাছালৈ যোৱা কোনো শিশু ডাক্তৰ-ইঞ্জিনিয়াৰ হব নোৱাৰে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক। “মাদ্ৰাছা শব্দটোৱেই বিলুপ্ত হব লাগে। যেতিয়ালৈকে মাদ্ৰাছালৈ যায়, কোনো শিশু ডাক্তৰ-ইঞ্জিনীয়াৰ হব নোৱাৰে।” -এইদৰেই মাদ্ৰাছা শিক্ষাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

নতুন দিল্লীত পঞ্চজন্যৰ দ্বাৰা অনুষ্ঠিত ‘মিডিয়া মহামন্থন’ত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সকলো শিশুৱে বিদ্যালয়ত সাধাৰণ শিক্ষা লাভ কৰা উচিত।

মুখ্যমন্ত্ৰীয়ে কয় যে, মাদ্ৰাছাত ভৰ্তি কৰাৰ পূৰ্বে এটি শিশুক যদি কোৱা হয় যে তেওঁ ডাঙৰ হলে কেৱল ‘জনাব’ হে হব পাৰিব, তেতিয়া কোনো শিশুৱেই মাদ্ৰাছালৈ নাযাব।

ঘৰত দুই-তিনি ঘণ্টা ধৰ্মীয় পুথি পঢ়ালেও বিদ্যালয়ত ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নালাগে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে কয় যে শিশুসকলক চিকিৎসক, অধ্যাপক, ইঞ্জিনিয়াৰ হব পৰাকৈ শিক্ষা প্ৰদান কৰা উচিত। বিজ্ঞান, ভূগোল বা আধুনিক শিক্ষা প্ৰদান কৰিলেহে শিশুসকলৰ ভৱিষ্যত উজ্বল হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে এয়াও কয় যে যিসল জ্ঞানী মুছলমান আছে, তেওঁলোক পূৰ্বে হিন্দু আছিল। কোনোৱে এই পৃথিৱীত মুছলমান হৈ জন্ম লোৱা নাছিল। সকলো প্ৰথমে হিন্দু আছিল। যদি কোনো মুছলমান শিশু বহু বেছি প্ৰতিভাশালী হয়, তেন্তে তাৰ কৃতিত্ব কিছু হলেও শিশুটিৰ হিন্দু অতীতক দিব লাগে বুলিও মন্তব্য কৰে ডঃ শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *