অসম

বানবিধ্বস্ত ডিমা হাছাওৰ ৰে’লপথ মেৰামতিৰ বাবে ১৮০ কোটি টকা আৱণ্টন ৰে’ল মন্ত্ৰণালয়ৰ…

বানবিধ্বস্ত ডিমা হাছাওৰ ৰেলপথ মেৰামতিৰ বাবে ১৮০ কোটি টকা আৱণ্টন কৰিছে ভাৰতৰ ৰেল মন্ত্ৰণালয়ে।

আনহাতে অহা ১০ জুলাইৰ ভিতৰত ৰেল পথৰ মেৰামতি সম্পূৰ্ণ কৰা হব বুলিও ৰেল মন্ত্ৰণালয়ে জানিবলৈ দিয়ে।

Image

উল্লেখ্য যে, দেওবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি ডিমা হাছাওৰ ৰেল পথৰ দুৰৱস্থাৰ কথা অৱগত কৰিছিল।

ইয়াৰ পিছতে টুইটযোগে ৰেল মন্ত্ৰণালয়ে ডিমা হাছাওৰ ৰেল পথ সমূহৰ পুনৰ মেৰামতিৰ বাবে পুঁজি মঞ্জুৰ কৰে।

প্ৰণিধানযোগ্য যে, প্ৰচণ্ড বান আৰু ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল পাৰ্বত্য জিলাখনৰ ৰেল পথসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *