ৰাষ্ট্ৰীয়

ভাৰতীয় চিকিৎসাৰ ইতিহাসত প্ৰথম, ৬ বছৰীয়া শিশুৰ অংগৰে জীৱন ৰক্ষা পাঁচজন লোকৰ

অংগ দান হৈছে এক মহৎ কাৰ্য্য, অংগদানৰ জড়িয়তে মৃত্যুৰ পিছতো অমৰ হয় মানৱ জীৱন।

দিল্লীত অংগদানৰ এক নজিৰ সৃষ্টিৰে ব্ৰেইন ডেড হোৱা এটি ছয় বছৰীয়া শিশুৰ অংগ দানে পাঁচজন ৰোগীৰ জীৱন ৰক্ষা কৰে।

জেলৰ পৰা পলোৱা এজন কয়দীৰ গুলিত থকা সৰকা হোৱা এই কণমানি শিশুটোৰ পিতৃ-মাতৃয়ে শিশুটিৰ অংগ দান কৰিবলৈ সিদ্ধান্ত লৈছিল। যাৰ পিছত, ৰাজধানীৰ বিখ্যাত এইমছত অংগদান কাৰ্য্য সম্পন্ন হয়।

842 2

উল্লেখ্য যে, চিকিৎসাৰ ইতিহাসত এইটোৱে হৈছে আটাইতকৈ কম বয়সীয়া অংগ দানৰ ৰেকৰ্ড। এই কাৰ্যৰ পিছতে শিশুটোৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰে চিকিৎসকসকল।

ৰোলি প্ৰজাপতি নামৰ এই শিশুটিক ভয়ানক ঘটনাটোৰ পিছতে, ততাতৈয়াকৈ এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক ২৭ এপ্ৰিলত দিল্লীৰ এইমছলৈ স্থানান্তৰিত কৰা হৈছিল।

কিন্তু তাইক বচাবলৈ সক্ষম হোৱা নাছিল। তেতিয়াই এইমছৰ চিকিৎসকসকলে ৰোলিৰ মাক দেউতাকক অংগ দানৰ বাবে সৈমান কৰিছিল।

image 37

ইয়াৰ পিছতে, শিশুটোৰ হৃদযন্ত্ৰ, বৃক্ক, ছাল, যকৃত আঁতৰ কৰা হৈছিল আৰু পাঁচজন ৰোগীৰ শৰীৰত সংৰোপণ কৰা হৈছিল। ৰোগীকেইজন এতিয়া সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে।

লক্ষণীয় যে ৰোলি এতিয়ালৈকে দিল্লী এইমছৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া অংগ দাতা।

ৰোলিৰ দেউতাক হৰনাৰায়ণ প্ৰজাপতি আৰু মাতৃ পুনম দেৱী এই কাৰ্য সম্পন্ন কৰি যথেষ্ট সুখী অনুভৱ কৰিছে বুলি সংবাদ মাধ‍্যমক জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *