ভয়ংকৰ পথ দুৰ্ঘটনা! শ্ৰমিক ভৰ্তি বাহন উফৰি পৰিল ৰাজপথত, ৩০ৰো অধিক শ্ৰমিক আহত…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

মৰিয়নিৰ ধোদৰ আলিত ৩৫ জনীয়া শ্ৰমিকৰ দল কঢ়িওৱা বলেৰ’ পিক আপ বাহন দুৰ্ঘটনাগ্ৰস্ত।

কামৰ পৰা উভতাৰ সময়তে ৰাজপথত উফৰি পৰিল শ্ৰমিক ভৰ্তি বাহনখন।

দুৰ্ঘটনাটোৰ ফলত ৩০ জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে।

আহত শ্ৰমিক সকল দিহিঙিয়াপাৰ চাহ বাগিছাৰ।

IMG 20220519 WA0002

ধোদৰ আলিৰ খাটিসোনাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দিহিঙিয়াপাৰ চাহ বাগিছাৰ পৰা কাকজান ৰাজৈ চাহ বাগিছালৈ কাম কৰিবলৈ গৈছিল শ্ৰমিক সকল।

দুৰ্ঘটনাগ্ৰস্ত পিকআপ খনৰ নম্বৰ হৈছে AS03BC1883

আহত শ্ৰমিক সকলক স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি সমীপৰ নকছাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।

আনহাতে ২২ গৰাকী শ্ৰমিকৰ আঘাত গুৰুতৰ হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

Leave a Comment