মূল্যবৃদ্ধিৰ অন্যতম কাৰক বান্দৰৰ উপদ্ৰৱ! দাবী বিধায়ক প্ৰদীপ হাজৰিকাৰ

নিউজ ডেস্কঃ মূল্যবৃদ্ধিক লৈ শাসকীয় দলৰ নেতা-মন্ত্ৰী-বিধায়কে টুলুঙা মন্তব্য কৰাটো নতুন কথা নহয়। এসময়ত ৰাজপথত মূল্যবৃদ্ধিৰ বিৰুদ্ধে টেটু ফলা সকলেই আজি শাসনলৈ আহি বিভিন্ন অচিলা দেখুৱাই মূল্যবৃদ্ধিৰ কথা কৈছে।

তেনেই মন্তব্য কৰিছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাইও। মূল্যবৃদ্ধিৰ বাবে বান্দৰক জগৰীয়া কৰি বিধায়কগৰাকীয়ে কৰা মন্তব্যই এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

photo1652850149
মূল্যবৃদ্ধিৰ অন্যতম কাৰক বান্দৰৰ উপদ্ৰৱ! দাবী বিধায়ক প্ৰদীপ হাজৰিকাৰ 2

অগপৰ বিধায়কগৰাকীয়ে কৰা দাবী অনুসৰি, আজিকালি স্থানীয় খেতিয়কসকলে শাক-পাচলিৰ খেতি কৰিব নোৱাৰা হৈছে বান্দৰৰ উপদ্ৰৱত। যাৰ বাবে সকলোৱে বজাৰৰ পৰা শাক-পাচলি কিনি খাবলগীয়া হৈছে আৰু সেয়েহে মূল্যবৃদ্ধি হৈছে।

মূল্যবৃদ্ধিৰ বাবে আৰু এটা কাৰণ ব্যক্ত কৰি ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰভাৱ মূল্যবৃদ্ধিৰ ওপৰত পৰা বুলি মন্তব্য কৰে প্ৰদীপ হাজৰিকাই। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চেষ্টা চলাই আছে বুলিও মন্তব্য কৰে প্ৰদীপ হাজৰিকাই।

Leave a Comment