অসম

দুঃখবৰ! সম্ভাৱনাময়ী নাট্য শিল্পী পপী গগৈৰ অকাল বিয়োগ…

এগৰাকী সম্ভাৱনাময়ী নাট্য শিল্পীৰ অকাল বিয়োগত মৰ্মাহত ঢকুৱাখনাবাসী।

নিজস্ব শৈল্পিক প্ৰতিভাৰে শত সহস্ৰ জনক মোহাচ্ছন্ন কৰি তুলিবলৈ সক্ষম হোৱা একেধাৰে  নাট্য শিল্প, হস্ত শিল্প, সংগীত শিল্প পপী গগৈ (৩০) আৰু নাই।

ঢকুৱাখনা নগৰৰ বাঁহপৰা গাঁৱৰ নিবাসী পপীৰ মংগলবাৰে পুৱা ৫ঃ১৫ বজাত মহাৰাষ্ট্ৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ বাসিন্দা জ্যেষ্ঠ ভাতৃ দিব্য জ্যোতি গগৈৰ বাসগৃহত থাকি বিগত প্ৰায় ১১ মাহ ধৰি উন্নত চিকিৎসা গ্ৰহণ কৰি আহিছিল।

কিন্তু অৱশেষত মৃত্যুৰে হাৰ মানিলে পপীয়ে।

একমাত্র ১৫ বছৰীয়া পুত্ৰ পৰাগ গগৈক নিথৰুৱা কৰি অনন্তধামলৈ গতি কৰিলে মিষ্টভাষী পপীয়ে।

পৰিয়াল আৰু জ্যেষ্ঠ ভাতৃৰ সিদ্ধান্ত অনুসৰি একমাত্ৰ কিশোৰ পুত্ৰৰ উপস্থিতিত পপীৰ শেষকৃত্য ইতিমধ্যে মহাৰাষ্ট্ৰতে ধৰ্মীয় পৰম্পৰা অনুসৰি সম্পন্ন কৰা হৈছে।

ঢকুৱাখনাৰ নাট্য ক্ষেত্ৰখনৰ এগৰাকী প্ৰত্যয়ী অভিনয় শিল্পীৰ অকাল বিয়োগত শোকাচন্ন জন্মভূমি ঢকুৱাখনা।

পপীৰ এই অকাল বিয়োগত ঢকুৱাখনা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱা, ৰংগভূমি নাট্য মঞ্চৰ অধ্যক্ষ কৌস্তভ কিশোৰ চুতীয়া,  ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থা আদিয়ে গভীৰ শোক ব্যক্ত কৰাৰ লগতে বিদেহ আত্মাৰ স্বৰ্গ সুখ কামনা কৰি শোকাহত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *