ৰাষ্ট্ৰীয়

ৰিয়ান পৰাগৰ বিৰুদ্ধে উত্থাপন আই পি এলত নিষিদ্ধ কৰাৰ দাবী, কিন্তু কিয়..?

খেলত কেৱল প্ৰদৰ্শনেই গুৰুত্বপূৰ্ণ নহয়। খেলপথাৰত এজন খেলুৱৈৰ আচৰণো যথেষ্ট গুৰুত্বপূৰ্ণ।

আচৰণৰ বাবে বহু সময়ত বহু খেলুৱৈ সমালোচনাৰ সন্মুখীন হৈ আহিছে।

অসমৰ ৰিয়ান পৰাগৰ সৈতেও ঘটিল একেই ঘটনা।

আই পি এলত নিষিদ্ধ কৰাৰ দাবী উত্থাপন অসমৰ ৰিয়ান পৰাগৰ বিৰুদ্ধে।

খেল পথাৰত খেলি থকাৰ মাজতে ৰিয়ানে কৰা এক কাৰ্যত ক্ৰোধাম্বিত হৈ পৰিছে ক্ৰিকেট অনুৰাগী সকল।

যাৰ বাবেই এতিয়া সামাজিক মাধ্য়মত বেয়াকৈ ট্ৰোলৰ সন্মুখিন হৈছে ৰিয়ান পৰাগ।

দেওবাৰে সন্ধিয়া আই পি এলত ৰাজস্থান ৰয়েলছ আৰু লক্ষ্ণৌ চুপাৰ জায়ান্টছৰ মাজত খেল হৈছিল। প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে ৮ টা উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে। ৰিয়ান পৰাগৰ অৱদান আছিল ১৯ ৰাণ (১৬ টা বল)।

যেতিয়া লক্ষ্ণৌ চুপাৰজায়ান্টছে ইনিংছ খেলিবলৈ ওলাই আহিছিল, ৰিয়ান পৰাগক বাৰে বাৰে খেলপথাৰত দেখা গৈছিল। ৰিয়ান পৰাগে লক্ষ্ণৌ চুপাৰজায়ান্টছৰ বিৰুদ্ধে দুটা কেচ লৈছিল। তেওঁ প্ৰথমে জছ বাটলাৰৰ সৈতে এটা উজ্জ্বল যুগলবন্দী দেখুৱাইছিল আৰু ক্ৰুণাল পাণ্ডিয়াৰ কেচটো লৈছিল।

সেই খেলতেই খেলৰ একেবাৰে শেষৰটো অভাৰত ৰাজস্থান দলৰ ৰিয়ান পৰাগে পথাৰত এনে কাম কৰে যাৰ পাছতে সকলোফালে ট্ৰোলৰ সন্মুখিন হৈ পৰে।

কালিৰ খেলৰ অন্তিমটো অভাৰৰ ৫ নম্বৰ বলটোত লক্ষ্ণৌ দলৰ খেলুৱৈৰ বল ৰিয়ানে কেটছ কৰি আউট কৰায়। কিন্তু ৰিয়ানে বল অতি সহজভাৱে কেটছ কৰাৰ পাছতো বলটো একেবাৰে মাটিৰ কাষনৈ নি পুনৰ উঠাই আনি গৌৰৱেৰে কয় খেলুৱৈ আউট।

যি কাৰ্য এগৰাকী খেলুৱৈ হিচাপে নিন্দনীয় বুলি অবিহিত কৰিছে। এগৰাকী খেলুৱৈ হৈ খেলপথাৰতে খেলৰ লগতে আম্পায়াৰক অপমান কৰাৰ দৰে কৰাৰ বাবে ট্ৰোলৰ সন্মুখিন হৈছে ৰিয়ান।

এনে কাৰ্য কৰাৰ লগে লগে কমেণ্টৰত বহি থকা লোকেও কয় , ৰিয়ানে এনে কাম কৰিব নালাগিছিল। সকলোৱে কৈছে এনে কাৰ্য কৰা সমুলঞ্চে ভুল। কিছুৱে কৈছে ইমান গৰ্ব কৰা বেয়া।

এনে কাৰ্য কৰাৰ বাবে ৰিয়ানক নিষিদ্ধ কৰিব লাগে বুলিও দাবী উত্থাপন কৰিছে একাংশই।

Leave a Reply

Your email address will not be published. Required fields are marked *