বিশিষ্ট নাট্যকাৰ বিপুল কুমাৰ বৰুৱাৰ দেহাৱসান।
সোমবাৰে দিনৰ ১১ বজাত হাতীঘৰ চাৰিআলিৰ আবিৰকুঞ্জ এপাৰ্টমেণ্টৰ নিজা বাসভৱনত আকস্মিক মৃত্যু ঘটে বৰুৱাৰ।
অসমৰ নাট্যজগতৰ বিশিষ্ট নাট্যকাৰ বিপুল কুমাৰ বৰুৱাৰ আকস্মিক মৃত্যুত সাংস্কৃতিক জগতৰ সৈতে জড়িত ব্যক্তি সকলে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো বৰুৱাৰ মৃত্যুত শোক ব্যক্ত কৰিছে।
পৰিয়াল তথা আত্মীয়ৰ উপস্থিতিত গুৱাহাটীৰ ভূতনাথ শ্মশানত অন্তিম সংস্কাৰ কৰা হয় বিপুল কুমাৰ বৰুৱাৰ।
Saddened to learn about the demise of noted film director and lyricist Bipul Kumar Baruah, who immensely enriched Assamese cinema with his works.
— Bimal Borah (@BimalBorahbjp) September 6, 2021
I convey my sincere condolences to the bereaved family members and well-wishers in this time of grief & loss. Om Shanti.🙏 pic.twitter.com/lxkU4GcEEG









