ৰাষ্ট্ৰীয়

শিক্ষা ব’ৰ্ডৰ ডাঙৰ সিদ্ধান্তঃ এতিয়াৰে পৰা মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত গোৱাটো বাধ্যতামূলক…

এতিয়াৰে পৰা সকলো মাদ্ৰাছাত ৰাষ্ট্ৰীয় সংগীত গোৱাটো বাধ্যতামূলক।

উত্তৰ প্ৰদেশৰ শিক্ষা ব’ৰ্ডে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

প্ৰাৰ্থনাৰ সময়ত ৰাষ্ট্ৰীয় সংগীত গোৱাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ পঞ্জীয়ক এছ এন পাণ্ডেয়ে এই সিদ্ধান্তটো কাৰ্যকৰী কৰিবলৈ যোৱা ৯ মে’ত সকলো জিলাৰে সংশ্লিষ্ট বিভাগক নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, ৰমজানৰ পিছত অৰ্থাৎ ১২ মে’ৰ পৰা পুনৰ আৰম্ভ হৈছে পাঠদান আৰু এই দিনটোৰ পৰাই ৰাজ্যখনত উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰা হৈছে।

নিৰ্দেশনাটোত কোৱা হৈছে যে শ্ৰেণী আৰম্ভ হোৱাৰ পূৰ্বে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় সংগীত গাব, এইয়া সকলো স্বীকৃতিপ্ৰাপ্ত, আৰ্থিক সাহায্যপ্ৰাপ্ত আৰু অবিত্তীয় সাহায্যপ্ৰাপ্ত মাদ্ৰাছাত প্ৰযোজ্য হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *