আলফা স্বাধীনলৈ আন এজন! এইবাৰ চিভিল ইঞ্জিনিয়াৰ মানৱে বাচি ল’লে সশস্ত্ৰ সংগ্ৰামৰ পথ

নিউজ ডেস্কঃ অসমীয়া যুৱক-যুৱতীৰ মাজত বৃদ্ধি পাইছে অৰণ্য গমনৰ প্ৰৱনতা।

বিগত কিছু সময়ৰ পৰা অসমীয়া যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ দৈনিক খবৰ প্ৰকাশ পাই আছে।

তাৰ মাজতে এইবাৰ আলফা স্বাধীনত যোগদান কৰিলে গুৱাহাটী মহানগীৰৰ এজন যুৱকে।

গুৱাহাটীৰ গীতানগৰৰ নিৱাসী মানৱ ডেকা নামৰ যুৱকজনে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে। পেছাত এগৰাকী চিভিল ইঞ্জিনিয়াৰ মানৱৰ আলফা গমণৰ খবৰে চিন্তাত পেলাইছে পৰিয়ালটোকো।

p1 8
আলফা স্বাধীনলৈ আন এজন! এইবাৰ চিভিল ইঞ্জিনিয়াৰ মানৱে বাচি ল’লে সশস্ত্ৰ সংগ্ৰামৰ পথ 3

অতি দুখ মনেৰে পুত্ৰক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে মানৱ ডেকাৰ পিতৃয়ে। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈও অনুৰোধ জনাইছে পিতৃ আৰু পৰিয়ালৰ আন সদস্যসকলে।

যদি মানৱ সঁচাকৈয়ে আলফা স্বাধীনত যোগ দিছে, তেন্তে যুৱকজনক ঘৰলৈ উভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে পৰিয়ালে।

উল্লেখ্য যে, মঙলবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ এজন উদীয়মান কণ্ঠশিল্পীয়েও আলফা স্বাধীনত যোগ দিয়াৰ বাতৰি প্ৰকাশ পাইছে।

যোৱা ৫ মে’ত দুবছৰীয়া সন্তান আৰু পত্নীক এৰি আলফা স্বাধীনত যোগ দিয়ে অভিলেখ বৰা নামৰ প্ৰতিভাৱান কণ্ঠশিল্পীগৰাকীয়ে।

লগতে চাওকঃ

পুনৰ চৰ্চাত SI জোনমণি ৰাভা! প্ৰৱঞ্চক স্বামীক গ্ৰেপ্তাৰৰ পিছত এইবাৰ নিজৰেই নাম সাঙোৰ খাই পৰিছে প্ৰৱঞ্চনাত

junmoni rabha
আলফা স্বাধীনলৈ আন এজন! এইবাৰ চিভিল ইঞ্জিনিয়াৰ মানৱে বাচি ল’লে সশস্ত্ৰ সংগ্ৰামৰ পথ 4

Leave a Comment