এইবাৰ ৪ বছৰীয়া কণমানি সন্তানক এৰি আলফা (স্বাধীন)লৈ গমন এহাল দম্পতীৰ, তীব্ৰ চাঞ্চল্য…

নিউড ডেস্কঃ ৰাজ্যত পুনৰ প্ৰাসংগিক হৈ উঠা নিষিদ্ধ ঘোষিত আলফা স্বাধীনত যোগ দিছে ইজনৰ পিছত সিজন অসমীয়া যুৱক-যুৱতীয়ে। সংস্থাপনহীনতাই হওক বা অন্য ব্যক্তিগত কাৰণত, শেহতীয়াকৈ যুৱক-যুৱতীৰ মাজত অৰণ্য গমনৰ প্ৰৱণতা বৃদ্ধিয়ে উদ্বিগ্ন কৰিছে সচেতন মহলক।

photo1652089006
এইবাৰ ৪ বছৰীয়া কণমানি সন্তানক এৰি আলফা (স্বাধীন)লৈ গমন এহাল দম্পতীৰ, তীব্ৰ চাঞ্চল্য… 4

আনহাতে আলফা স্বাধীনে অসম আৰক্ষীৰ গুপ্তচৰৰ অপৰাধত দুজন যুৱকক মৃত্যুদণ্ড বিহাৰ ঘটনাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আলফা স্বাধীনত অসমীয়াৰ যোগদানৰ পুনৰ খবৰ পোহৰলৈ আহিছে।

এইবাৰ নিজৰ কণমানি সন্তানক এৰি আলফা স্বাধীনলৈ গ’ল এহাল পতি-পত্নী।

photo1652089042
এইবাৰ ৪ বছৰীয়া কণমানি সন্তানক এৰি আলফা (স্বাধীন)লৈ গমন এহাল দম্পতীৰ, তীব্ৰ চাঞ্চল্য… 5

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ১নং চেলেংগুৰি গাঁৱৰ অচ্যুত নেওগ আৰু তেওঁৰ পত্নী মমতা নেওগে যোগ দিছে আলফা স্বাধীনত।

এটি ৪ বছৰীয়া কণমানি সন্তানৰ পিতৃ-মাতৃ দম্পতীহালে যোৱা ৫ মে’ত আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।

photo1652087729
এইবাৰ ৪ বছৰীয়া কণমানি সন্তানক এৰি আলফা (স্বাধীন)লৈ গমন এহাল দম্পতীৰ, তীব্ৰ চাঞ্চল্য… 6

অচ্যুত নেওগৰ পিতৃয়ে জানিবলৈ দিয়া মতে, একমাত্ৰ পুত্ৰ অচ্যুতে ৫ মে’ তাৰিখে এটা ফোন কল অহাৰ পিছতে মাকে সাজি দিয়া ভাত আধাতে এৰি ঘৰৰ পৰা ওলাই গৈছিল। অচ্যুতৰ পিছে পিছে একে সময়তে ঘৰৰ পৰা ওলাই গৈছিল পত্নী মমতাও।

ইয়াৰ পিছতে একেদিনাই সন্ধিয়া তিনিচুকীয়াৰ সহকাৰী আৰক্ষী অধীক্ষকে অচ্যুতৰ পিতৃলৈ ফোন কৰি পুত্ৰ-বোৱাৰীয়ে আলফা স্বাধীনলৈ গমন কৰাৰ খবৰ দিয়ে।

কণমানি সন্তানটোক এনেদৰে এৰি সশস্ত্ৰ সংগ্ৰামৰ পথ বাচি লোৱা পুত্ৰ-বোৱাৰীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে পিতৃয়ে। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো অচ্যুত আৰু মমতাক ঘূৰাই পঠিয়াবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে।

Leave a Comment