অসম

কাইলৈৰ পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা…

কাইলৈৰ পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে পুনৰ ফেৰী সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ক’ভিড প্ৰট’কল মানি ফেৰী সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।

উল্লেখ্য যে, বিগত ২১ মে’ৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ হৈ আছিল।

পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ গুৱাহাটীৰ তিনিওটা ঘাটৰ পৰাই ফেৰী সেৱা অব্যাহত থাকিব।

ক’ভিডৰ বাবে দীৰ্ঘদিন ধৰি ফেৰী সেৱা বন্ধ হৈ থকাৰ ফলত যাতায়ৰ বাবে যথেষ্ট লোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *