অসম

অসমত চুলাই মদ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ ৩ মিজােৰামৰ বাসিন্দা

নিউজ ডেস্ক। অবৈধভাৱে অসমত চুলাই মদ বিক্ৰী কৰিবলৈ আহি গ্ৰেপ্তাৰ হ’ল মিজোৰামৰ ৪ জন লোকক।

কাছাৰৰ ধলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁলোকক।

কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে জনোৱা অনুসৰি, “তেওঁলোকে কেইবাদিনো ধৰি ধলাইত ঘূৰি ফুৰা দেখিছিল আৰক্ষীয়ে। অবৈধ কাৰ্য কৰাও দেখা গৈছিল। তেওঁলোকে চুলাই মদ বিক্ৰী কৰি থকাও প্ৰত্যক্ষ কৰা হৈছিল। সেয়েহে তেওঁলোকক সন্দেহ কৰা হয়। সেই অনুসৰি এক অনুসন্ধান চলোৱা হয়। অনুসন্ধানত শুকুৰবাৰে চাৰিওজনকে আটক কৰা হয়। তেওঁলোকৰ পৰা চুলাই মদো জব্দ কৰা হয়।”

G6

আটকাধীন লোক কেইজনক ক্ৰমে লালনোনহিলমা (৫০), লালফাকাওমা (২৮), লালদাওংগ্লিয়ানা (২৭), লালথাকিমা (১৪) বুলি চিনাক্ত কৰা হয়।

আনহাতে মিজোৰামৰ কলাচিব জিলাৰ আৰক্ষী অধীক্ষক বানালফাকা লামটেই অসম আৰক্ষীৰ অভিযোগ নস্যাৎ কৰি কয় যে, “তেওঁলোক ভদ্ৰ লোক। একেবাৰে সহজ-সৰল গাঁৱলীয়া লোক। তেওঁলোকে অবৈধ কাৰ্য তথা চুলাই মদ বিক্ৰী কৰে বুলি আমাৰ হাতত কোনো তথ্য নাই। এই সন্দৰ্ভত অসম আৰক্ষীয়ে আমাৰ সৈতে কোনো যোগাযোগ স্থাপন কৰা নাই।”

Leave a Reply

Your email address will not be published. Required fields are marked *