হাতী-ঘোঁৰা লৈ কইনা আনিবলৈ গ’ল ৭০ বছৰীয়া দৰাই, বৰযাত্ৰী হৈ দৰাক সংগ দিলে ৭ গৰাকী জীয়াৰী-একমাত্ৰ পুত্ৰই

নিউজ ডেস্কঃ বিহাৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ বিভিন্ন বিভাগত কৰ্মৰত ৭ গৰাকী কন্যা আৰু একমাত্ৰ পুত্ৰক লগত লৈ দৰা সাজি কইনা আনিবলৈ গ’ল এগৰাকী ৭০ বছৰীয়া ব্যক্তিয়ে।

সামাজিক মাধ্যমত এই বিয়াখনক লৈ এতিয়া চলিছে অনেক চৰ্চা।

বিয়াৰ দিনটোত বেণ্ডপাৰ্টী, ডিজে আৰু হাতী-ঘোঁৰা লৈ কইনা ঘৰলৈ ৰাওনা হোৱা ৭০ বছৰীয়া দৰাক চাবলৈও পথৰ দাঁতিত ভিৰ কৰে অগণন লোকে।

এই বিশেষ বিয়াখন সম্পন্ন হৈছে বিহাৰৰ একামাৰ আম্দাধিত। দৰাচলতে স্থানীয় ‘ডোংগা’ নামৰ এক পৰম্পৰাগত ৰীতি অনুসৰি সম্পন্ন হয় এই বিয়াখন।

m1
হাতী-ঘোঁৰা লৈ কইনা আনিবলৈ গ’ল ৭০ বছৰীয়া দৰাই, বৰযাত্ৰী হৈ দৰাক সংগ দিলে ৭ গৰাকী জীয়াৰী-একমাত্ৰ পুত্ৰই 5

বৃহস্পতিবাৰে সম্পন্ন হোৱা বিয়াখনৰ দৰা ৭০ বছৰীয়া ৰাজকুমাৰ সিঙে জানিবলৈ দিয়া মতে, ৪২ বছৰ পূৰ্বে তেওঁলোকৰ বিবাহখন সম্পন্ন হৈছিল। কিন্তু আৰ্থিক অভাৱৰ বাবে ইমান বছৰে তেওঁলোকে সম্পন্ন কৰিব পৰা নাছিল পৰম্পৰাগত ‘ডোংগা’ ৰীতি।

পৰম্পৰাগত ডোংগা হৈছে একপ্ৰকাৰ দ্বিতীয় বিবাহ। এই ৰীতি অনুসৰি পত্নী যেতিয়া মাকৰ ঘৰলৈ যায়, তাৰ পিছত স্বামীয়ে পুনৰ তেওঁক বিয়া কৰাই স্বামীগৃহলৈ লৈ আনে। বিহাৰৰ লগতে উত্তৰ প্ৰদেশৰ কোনো কোনো অঞ্চলত এই ৰীতি প্ৰাচীন কালৰে পৰা চলি আহিছে।

m3
হাতী-ঘোঁৰা লৈ কইনা আনিবলৈ গ’ল ৭০ বছৰীয়া দৰাই, বৰযাত্ৰী হৈ দৰাক সংগ দিলে ৭ গৰাকী জীয়াৰী-একমাত্ৰ পুত্ৰই 6

লক্ষণীয়ভাৱে অসমৰো কোনো কোনো অঞ্চলত ডোংগা ৰীতিৰ দৰে সম্পন্ন হৈ আহিছে ‘বুঢ়া বিয়া’।

ৰাজকুমাৰ সিঙ আৰু তেওঁৰ পত্নী সাৰদা সিঙে আৰ্থিক অভাৱৰ বাবে পূৰ্বে এই ৰীতি সম্পন্ন কৰিব পৰা নাছিল। কিন্তু যেতিয়া তেওঁলোকৰ ৭ গৰাকী কন্যাৰ আটাই কেইগৰাকীয়ে বিহাৰ আৰক্ষী আৰু ভাৰতীয় সেনাত চাকৰি লাভ কৰে, তাৰ পিছত কন্যা আৰু একমাত্ৰ পুত্ৰই অতি ধুমধামেৰে এই ৰীতি সম্পন্ন কৰাৰ সিদ্ধান্ত লয়।

m4
হাতী-ঘোঁৰা লৈ কইনা আনিবলৈ গ’ল ৭০ বছৰীয়া দৰাই, বৰযাত্ৰী হৈ দৰাক সংগ দিলে ৭ গৰাকী জীয়াৰী-একমাত্ৰ পুত্ৰই 7

সেই অনুসৰি বৃহস্পতিবাৰে হাতী-ঘোঁৰা, বেণ্ড, ডিজে আৰু অগণন বৰযাত্ৰীক লগত লৈ ৭০ বছৰীয়া ৰাজকুমাৰ সিঙে দৰা সাজি একামাৰ আম্দাধিত থকা শহুৰেকৰ ঘৰত উপস্থিত হয় আৰু বৰমালা পিন্ধাই পত্নী সাৰদাৰ সৈতে বিবাহখন সম্পন্ন কৰে।

এই বিয়াখনত শহুৰেকৰ ঘৰৰ পৰা এটা সোণৰ আঙুঠি আৰু এখন বুলেট বাইক উপহাৰ দিয়া হয় দৰা ৰাজকুমাৰ সিঙক।

m2
হাতী-ঘোঁৰা লৈ কইনা আনিবলৈ গ’ল ৭০ বছৰীয়া দৰাই, বৰযাত্ৰী হৈ দৰাক সংগ দিলে ৭ গৰাকী জীয়াৰী-একমাত্ৰ পুত্ৰই 8

অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা এই বিশেষ বিয়াখনে এতিয়া সমগ্ৰ বিহাৰতে বিশেষ চৰ্চা লাভ কৰিছে।

৭০ বছৰীয়া দৰাক চাবলৈ সেইদিনা অগণন লোকে ভিৰ কৰাও পৰিলক্ষিত হয়। সামাজিক মাধ্যমতো এই বিয়াখনৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে।

Leave a Comment