শিৱসাগৰত এখন বিশেষ বিয়া!
দৰা সাত সাগৰ তেৰ নদী সিপাৰৰ লণ্ডনৰ আনহাতে কইনা হৈছে শিৱসাগৰৰ।
অনলাইন গেমত চিনাকী হৈ অসমীয়া যুৱতীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে লণ্ডনৰ এগৰাকী সুদৰ্শন যুৱকে।
যুৱকজনৰ নাম পল এন্থনী হেয়াৰউড।
পল এন্থনীয়ে সুদূৰ লণ্ডনৰ পৰা আহি মঙলবাৰে নিশা শিৱসাগৰ খাটপথাৰৰ লুপামুদ্ৰা গগৈৰ সৈতে আবদ্ধ হ’ল বিবাহপাশত।
লকডাউনৰ সময়ছোৱাত অনলাইনতে গঢ়ি উঠিছিল শিৱসাগৰৰ জীয়ৰী লুপামুদ্ৰা গগৈ আৰু পলৰ মাজত প্ৰেমৰ সম্পৰ্ক। লণ্ডনৰ যুৱকজনে দিছিল বিবাহৰ প্ৰস্তাৱ।
অৱশেষত মঙলবাৰে শিৱসাগৰত উপস্থিত হয়হি দৰা পল এন্থনী হেয়াৰউড।
তাৰ পিছতে নিশা চকলং প্ৰথাৰে হৈ গ’ল দুয়োৰে বিয়া।
অসমীয়া দৰা সাজ পৰিধান কৰি বিবাহ মণ্ডপত বহা সুদূৰ লণ্ডৰ দৰাক চাবলৈ ভিৰ কৰিল বহুতে।









