শোকাৱহ! পথাৰলৈ যোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু…

টীয়কত শোকাৱহ ঘটনা!

পথাৰলৈ যোৱাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু।

টীয়কৰ চিৰাম মিচিং গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

নিহত খেতিয়কজন দাদুল মৰাং (৪০) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বিদ্যুতৰ খুঁটাৰ পৰা ছিগি থকা তাঁৰত লাগিয়েই লোকজনৰ মৃত্যু ঘটে।

দীৰ্ঘদিন স্থানীয় ৰাইজে বিদ্যুত বিভাগক এনে ছিগি যোৱা তাঁৰৰ মেৰামতিৰ কাৰণে অভিযোগ দি আহিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে খেতিয়ক মৰাঙৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

Leave a Comment