অসম

ডিম্পলৰ হত্যাকাৰী আশিকৰ স্বীকাৰোক্তিঃ ‘চিগাৰেটৰ বাবে হত্যা কৰিলো ডিম্পলক’…

বুধবাৰে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা চাঞ্চল্যকৰ ডিম্পল হত্যাকাণ্ডৰ অভিযুক্ত আশিক গুপ্তাৰ বিস্ফোৰক স্বীকাৰোক্তি।

আশিকে কয়- ‘চিগাৰেটৰ বাবে হত্যা কৰিছিলো ডিম্পলক।’

অশিকে ডিম্পলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট। চিগাৰেট খাবলৈ বাধা দিছিল আশিকে। যাৰ পৰিণতিত কাজিয়াৰ সূত্ৰপাত হয় দুয়োৰে মাজত। আৰু সংঘটিত হয় হত্যাকাণ্ড।

কিন্তু আশিকৰ এই স্বীকাৰোক্তিৰ বিৰোধিতা কৰিছে ডিম্পলৰ পিতৃ-মাতৃয়ে।

কিশোৰী গৰাকীৰ মাতৃয়ে কয় যে ‘চিগাৰেটৰ বাবে হত্যা হ’ব নোৱাৰে। মোৰ ছোৱালীয়ে চিগাৰেট নাখায়, মোবাইল ফোনৰ বাবে হ’ব পাৰে হত্যাকাণ্ড।’

‘মোৰ ছোৱালীৰ মোবাইল সঘনে বিচাৰিছিল আশিকে। মোৱাইল দিবলৈ অমান্তি হৈছিল ডিম্পল। তেনে কাৰণে হয়টো হ’ব পাৰে হত্যা। গাখীৰ খুৱাই সাপ পুহিছিলো। সেই সাপে আজি খুটিলে।’

ডিম্পলৰ মাতৃয়ে জনোৱা অনুসৰি বিগত এমাহে আশিকে আশ্ৰয় লৈ আছিল ডিম্পলৰ ঘৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *