বৃহৎ সাফল্য! সেনা-আৰক্ষীয়ে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ পুলৱামাত সেনা-আৰক্ষীৰ অভিযানত নিহত হয় দুই সন্ত্ৰাসবাদী।

বৃহস্পতিবাৰে এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, দক্ষিণ কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে বুধবাৰে সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায়।

আনহাতে, এই অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দলটোৱে সেনা-আৰক্ষীলৈ গুলীবৰ্ষণ কৰাত এগৰাকী সেনা জোৱান আহত হয় বুলি জানিব পৰা গৈছে।

G0 2
বৃহৎ সাফল্য! সেনা-আৰক্ষীয়ে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী 4

কিন্তু সন্ত্ৰাসবাদীৰ আক্ৰমণত সমগ্ৰ অঞ্চলটোত সৃষ্টি হোৱা আতংকৰ পিছত সেনা-আৰক্ষীয়ে অভিযান বন্ধ কৰি স্থানীয় নিৱাসী সকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে।

তাৰ পিছত পুনৰ অভিযান চলোৱাত দুজন সন্ত্ৰাসবাদী নিহত হয়।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (আইজিপি) বিজয় কুমাৰে জানিবলৈ দিয়া মতে, দুয়োজন সন্ত্ৰাসবাদীক আল-বদৰ সংগঠনৰ সদস্য বুলি চিনাক্ত কৰা হৈছে।

p3 13
বৃহৎ সাফল্য! সেনা-আৰক্ষীয়ে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী 5

সন্ত্ৰাসবাদী দুজনৰ পৰিচয় আইজাজ হাফিজ আৰু শ্বাহিদ আয়ুব বুলি প্ৰকাশ কৰিছে আইজিপিয়ে।

নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা ২টা একে ৰাইফল উদ্ধাৰ কৰা হৈছে।

এই সন্ত্ৰাসবাদী দুজন চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহত পুলৱামাত বহিৰাগত শ্ৰমিকৰ ওপৰত সংঘটিত ধাৰাবাহিক আক্ৰমণত জড়িত আছিল বুলি টুইটযোগে জানিবলৈ দিয়ে আইজিপি বিজয় কুমাৰে।

লগতে চাওকঃ

আলফা স্বাধীনৰ ভিতৰত ডজনৰো অধিক সেনা-আৰক্ষীৰ গুপ্তচৰ! বিস্ফোৰক দাবী আলফা স্বাধীনৰ

G5 15
বৃহৎ সাফল্য! সেনা-আৰক্ষীয়ে সংঘৰ্ষত নিহত ২ সন্ত্ৰাসবাদী 6

Leave a Comment