চুৰি মটৰচাইকেল ক্ৰয় কৰি ৰঙাঘৰৰ আলহী হ’ল এজন গ্ৰাহক…

নিউজ ডেস্ক। এইবাৰ মটৰচাইকেল চুৰ কৰি নহয়, চুৰি মটৰচাইকেল ক্ৰয় কৰি আৰক্ষীৰ জালত পৰিল এজন লোক।

বঙাইগাঁও জিলাৰ যোগীঘোপাত সংঘটিত হৈছে এই ঘটনা।

মটৰচাইকেল চুৰিৰ অভিযোগত শনিবাৰে যোগীঘোপা আৰক্ষীয়ে উক্ত লোকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

G9 3
চুৰি মটৰচাইকেল ক্ৰয় কৰি ৰঙাঘৰৰ আলহী হ’ল এজন গ্ৰাহক... 3

গ্ৰেপ্তাৰ হোৱা লোকজনক ধুবুৰী জিলাৰ হেফজুৰ ৰহমান বুলি জানিব পৰা গৈছে।

উল্লেখ‍্য অভিযুক্ত লোকজনে যোগীঘোপাৰ পৰা চুৰি হোৱা এখন নথি পত্ৰ বিহীন মটৰচাইকেল ক্ৰয় কৰিছিল।

সেই সম্পৰ্কতেই যোগীঘোপা আৰক্ষীৰ জালত পৰে অভিযুক্ত লোকজন।

শুক্ৰবাৰে আৰক্ষীয়ে বিলাসীপাৰাৰ ফকিৰগঞ্জৰ পৰা লোকজনক আটক কৰে আৰু ৬৪/২২ নম্বৰত এটা গোচৰ ৰজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

লগতে চাওকঃ

চিট্ বেল্ট পৰিধান নকৰাৰ বাবে বাইকৰ গৰাকীক বিহিলে ১ হাজাৰ টকাৰ জৰিমণা!

G1 29
চুৰি মটৰচাইকেল ক্ৰয় কৰি ৰঙাঘৰৰ আলহী হ’ল এজন গ্ৰাহক... 4

Leave a Comment