আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল।
নিৰাবচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰে শাসকীয় বিজেপি দলে।
পৌৰসভা নিৰ্বাচনত বিজেপিয়ে ৫২খন আসন লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে অগপ দলে লাভ কৰে ৬খন আসন আৰু AAP-AJPয়ে এখনকৈ আসন লাভ কৰে।
নিৰ্বাচনত AAP-AJPয়ে এখনকৈ আসন লাভ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জয়ন্ত মল্ল বৰুৱাই।
তেওঁ কয়- উন্নয়নৰ মৰমৰ পৰা বঞ্চিত হ’ব গাড়ীগাঁও আৰু সিজুবাৰী। এই দুটা ৱাৰ্ডত AAP-AJPয়ে সংখ্যালঘুৰ ভোট লাভ কৰিছে। গাড়ীগাঁও, হাতীগাঁও আৰু সিজুবাৰীত জিকা মানে জনীয়া, বাঘবৰত জয়লাভ কৰা।
তেওঁ লগতে কয়- গাড়ীগাঁও, হাতীগাঁও আৰু সিজুবাৰী অঞ্চলত আমি আগে পিছেও ভোট নাই পোৱা। হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ লগত তেওঁলোকক ৰাখিবলৈ আমি বুজাইছিলো কিন্তু তেওঁলোকৰ কিছু সংখ্যকেহে থাকিলে। সংখ্যাৰ ভিত্তিত আমি অলপ অলপ ভোটত পৰাজয়বৰণ কৰিছো।









