অসম

অজ্ঞতাৰ পৰিচায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, ইতিহাস নজনাকৈ বিহুক লৈ মন্তব্য কৰাটো অনুচিতঃ নগেন শইকীয়া

শুক্ৰবাৰে সাংবাদিকৰ আগত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিহুক ধৰ্মীয় পৰ্ব বুলি মন্তব্য কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

এই মন্তব্যৰ বাবে বিধায়ক ভট্টাচাৰ্যক সমালোচনা কৰিছে বহুতেই।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই।

তেওঁ কয়- অজ্ঞতাৰ পৰিচায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য। ইতিহাস নজনাকৈ বিহুক লৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্তব্য কৰাটো অনুচিত।

তেওঁ কয়- মই সিদ্ধাৰ্থ ভট্টাচাৰ্যক জানো তেওঁ শিক্ষামন্ত্ৰী আছিলে। তেওঁযে বিহুক এটা হিন্দু ধৰ্মীয় উৎসৱ বুলি কলে সেইটো তেওঁৰ অজ্ঞতাৰ পৰিচয়। কাৰণ বৈষ্ণৱ আন্দোলন আৰম্ভ হোৱাৰ বহু আগৰ পৰাই বিহু আছে। অসমৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজাববীয়াকৈ বিহু পাতে। কাৰণ বিহু কৃষি উৎসৱ।

তেওঁ নাজানে যে, বৈষ্ণৱ আন্দোলনৰ পিছত বিহুত ৰাম-কৃষ্ণ শব্দবিলাক সোমাইছে। তাৰ আগত নাছিলে বুলি মন্তব্য কৰে ড০ শইকীয়াই। ইতিহাস নজনাকৈ কোৱা কথাই বিভ্ৰান্তৰ সৃষ্টি কৰিছে, এইটো অনুচিত কাম।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মাৰোৱাড়ী যুৱ মঞ্চ, ডিব্ৰুগড়ৰ সৌজন্যত অনুষ্ঠিত কৰা লুইতপৰীয়া বিহু সন্মিলনখনিত বিহু সম্বন্ধীয় অনুষ্ঠান নাৰাখি হনুমান জন্মোৎসৱ শোভাযাত্ৰা অনুষ্ঠিত কৰা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৰিছিল এক বিতৰ্কিত মন্তব্য।

তেওঁ কৈছিল-‘মাৰোৱাড়ী সম্প্ৰদায়ে বিহু পাতিবলৈ লৈছিল। সেই একে সময়তে হনুমান জয়ন্তী আছিল। যিহেতু দুয়োটা হিন্দুৰ পৰ্ব, সেয়ে তেখেত সকলে সেইভাৱে লৈছিল। যদি বিহু ধৰ্মীয় পৰ্ব নহয় তেন্তে হুচৰি গোৱাৰ আগত ৰাম বা কৃষ্ণৰ নাম লৈ কিয় আৰম্ভ কৰা হয়। বিহু নি:সন্দেহে ধৰ্মীয় পৰ্ব।’

তেওঁ আৰু কৈছিল-‘বেলেগে পাতে নাপাতে তেওঁলোকৰ কথা। খ্ৰীষ্টমাছ পাতিলেই আমি খ্ৰীষ্টান হৈ নাযাও বা ইফটাৰ খালেই আমি মুছলমান হৈ নাযাও। কিন্তু যদি নিৰপেক্ষভাৱে চাই তেন্তে দেখিব ই ধৰ্মীয় পৰ্ব।’

Leave a Reply

Your email address will not be published. Required fields are marked *