অসম

১৬আগষ্টৰ পৰা খোলা হ’ব আন্তঃজিলা যাতায়তঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা।

১৬ আগষ্টৰ পৰা ৰাজ্যত খুলিব আন্তঃজিলা যাতায়াত।

ইপিনে কন্টেইনমেন্ট জিলা গোলাঘাট আৰু লখিমপুৰত শিথিল সান্ধ্য আইন। ১ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ।

এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

লগতে আন ৰাজ্য সমূহত সন্ধিয়া ৪ বজালৈ দোকান-পোহাৰ খোলা থাকিব আৰু সন্ধিয়া ৫ বজাৰ পৰা হ’ব সান্ধ্য আইন।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে পৰিৱেশ ভালদৰে থাকিলে অহা ৭ তাৰিখৰ পৰা ৬ বজালৈকে জিলা সমূহ মুকলি কৰি দিয়া হ’ব।

e232fb2c a8dc 47c8 b93a 91a410611541

আনহাতে স্কুল-কলেজ খুলা সন্দৰ্ভত শৰ্মাই কয় যে বেমাৰৰ ওপৰত লক্ষ্য ৰাখি বন্ধ ৰখা হৈছে স্কুল কলেজ।অৱশ্যে নৱম, দশম বা উচ্চ পৰ্যায়ৰ শ্ৰেণী সমূহ ১ চেপ্তেম্বৰৰ পৰা খুলি দিয়াৰ চিন্তা চৰ্চা হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *