আত্মীয়ৰ অন্তিম সংস্কাৰত অংশ লৈ উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা একেটা পৰিয়ালৰ ১১ জনৰ মৃত্যু

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

আত্মীয়ৰ শেষকৃত্যত অংশ লৈ উভতি অহাৰ পথত প্ৰাণ গ’ল একেটা পৰিয়ালৰে ১১ জনৰ।

এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হ’ল ৰাজস্থানৰ ঝুনঝুনুত।

মঙলবাৰে সংঘটিত এই পথ দুৰ্ঘটনাত পৰিয়ালৰ আন ৭জন সদস্য গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, ঝুনঝুনৰ গুধা গাউৰজীত এজন আত্মীয়ৰ অন্তুিত সৎকাৰত অংশ লৈ পৰিয়ালৰ ১৮ জন সদস্য একেলগে এখন পিক-আপ ভানেৰে আহি থকাৰ সময়তে উদয়পুৰৱতী-গুধা পথত ট্ৰেক্টৰৰ ট্ৰেইলত খুন্দা মৰাত বাহনখন বাগৰি পৰে।

p1 19
আত্মীয়ৰ অন্তিম সংস্কাৰত অংশ লৈ উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা একেটা পৰিয়ালৰ ১১ জনৰ মৃত্যু 4

এই শোকাবহ দুৰ্ঘটনাত পৰিয়ালটোৰ ১১ সদস্যৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আনহাতে আহত ৭ জনক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি ঝুনঝুনৰ বিডিকে হাস্পতালত ভৰ্তি কৰোৱায়।

নিহত সকলক ক্ৰমে- সুমেৰ (৫০), তেওঁৰ পত্নী ৰাজবালা (৪৫), তেওঁলোকৰ দুই পুত্ৰ নৰেশ (১৬) আৰু ৰাহুল (১৬)ৰ লগতে মনোহৰ (৫০), সাবিত্ৰী (৪৫), কৈলাশ (৩৫), ভানৱাৰলাল (৩৫), কৰ্মবীৰ (২০), বলবীৰ (২০) আৰু অৰ্পিত (১৫) বুলি চিনাক্ত কৰা হৈছে।

G2 21
আত্মীয়ৰ অন্তিম সংস্কাৰত অংশ লৈ উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা একেটা পৰিয়ালৰ ১১ জনৰ মৃত্যু 5

নিহত পৰিয়ালটোৰ আটাই কেইজন সদস্যৰ ঘৰ কৃষ্ণ নগৰৰ আহিৰ কি ধানীত বুলি জানিব পৰা গৈছে।

ইফালে এই দুৰ্ঘটনাৰ পিছত টুইটযোগে গভীৰ শোক ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

প্ৰধানমন্ত্ৰীয়ে নিহত সকলৰ পৰিয়ালক ২ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে আহত সকলক ৫০ হাজাৰ টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ ঘোষণা কৰিছে।

লগতে চাওকঃ

শােকাৱহ! প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত, আৰক্ষী জােৱানৰ মৃত্যু

G1 21
আত্মীয়ৰ অন্তিম সংস্কাৰত অংশ লৈ উভতি অহাৰ পথত ভয়ংকৰ দুৰ্ঘটনা একেটা পৰিয়ালৰ ১১ জনৰ মৃত্যু 6

Leave a Comment