নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত কিতাব আলী।
নগাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে নগাঁও-মৰিগাঁও পথৰ কাছমাৰীৰ পৰা পিষ্টলসহ কিতাব আলীক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে কিতাব আলীৰ পৰা এটা হস্তনিৰ্মিত তামৰ পিষ্টল আৰু থ্ৰী নট থ্ৰী ৰাইফলৰ তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ধৃত কিতাব আলীৰ ঘৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত।
বৰ্তমান নগাঁও আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত কিতাব আলীক জেৰা অব্যাহত ৰাখিছে।
উল্লেখ্য যে মধ্য অসমৰ বহু ডকাইতি আৰু হত্যাৰ লগত জড়িত কিতাব আলী। কিতাব আলী বিগত সময়ছোৱাত নগাঁৱৰ বাইক চুৰি চক্ৰ, অস্ত্ৰ সৰবৰাহৰ লগত জড়িত আছিল বুলি আৰক্ষীয় জানিব দিয়ে।









