নিউজ ডেস্ক। মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ মূৰত।
অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদত নামিছে বিভিন্ন দল-সংগঠন।
অসমৰো ঠায়ে ঠায়ে মূল্যবৃদ্ধি ৰোধৰ দাবীত বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ।

ইয়াৰ মাজতে মূল্যবৃদ্ধিক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে। মানুহক নিজে নিজে খেতি কৰিবলৈ আহ্বান জনায় জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।
জুবিন গাৰ্গে কয় যে মানুহে নিজে নিজে ঘৰত আলুৰ খেতি, চবজিৰ খেতি, মাছ পুহিলে মূল্যবৃদ্ধি বেছি অনুভৱ নহ’ব। ঘৰত থকা মাটিখিনিত খেতি কৰা উচিত বুলি মন্তব্য কৰে জুবিন গাৰ্গে।
অসমীয়া মানুহ এলেহুৱা বুলিও আক্ষেপ ব্যক্ত কৰে কণ্ঠশিল্পীগৰাকীয়ে।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কত জুবিন গাৰ্গে কয়, ‘মোডীৰ বিষয়ে মই একো নকও। তেওঁ বেলেগ ধৰণৰ বস্তু। ক’বলৈ দিগদাৰ আছে। কিন্তু য’ত প্ৰতিবাদ কৰিব লাগে, তাত কৰিবই লাগিব।’
লগতে চাওকঃ
বিয়াৰ এমাহ নৌহওঁতেই পথ দুৰ্ঘটনাই কাঢ়ি নিলে কংকনৰ প্ৰাণ…










