লীনা দলেক নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি

নিউজ ডেস্ক। নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান এপিএছ বিষয়া লীনা দলেক।

অসম চৰকাৰে শেহতীয়াকৈ কৰা অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ৰদ-বদলৰ পিছত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হয় লীনা দলেক।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে লীনা দলে বিশ্বনাথৰ আৰক্ষী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

1 5
লীনা দলেক নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি 3

প্ৰণিধানযোগ্য যে, নগাঁৱৰ কীৰ্তিকমল বৰা ভুৱা এনকাউণ্টাৰ গোচৰৰ পিছত জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে উলুবাৰীস্থিত অসম আৰক্ষীৰ মূখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছিল।

জনপ্ৰিয় আইপিএছ বিষয়াগৰাকীক বদলিৰ পিছত সহকাৰী আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাক অস্থায়ীভাৱে দায়িত্ব অৰ্পণ কৰা হৈছিল আৰক্ষী অধীক্ষকৰ।

ইয়াৰ পিছতে বুধবাৰে নিশা ৰাজ্য চৰকাৰে লীনা দলেক নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে।

উল্লেখ্য যে, ২০১৮ চনত চৰ্চালৈ আহিছিল এপিএছ বিষয়া লীনা দলে।

মাজুলীৰ সহকাৰী আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত লীনা দলেয়ে দেশজুৰি চলা ‘মি-টু’ অভিযানৰ জৰিয়তে এগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল।

এটা ফেচবুক পোষ্ট যোগে এপিএছ বিষয়াগৰাকীয়ে অভিযোগ কৰিছিল যে ২০১২ চনৰ মাৰ্চত এগৰাকী জ্যেষ্ঠ আইপিএছ বিষয়াই তেওঁক হলিডে’ৰ বাবে লৈ যোৱাৰ প্ৰস্তাৱ দিছিল।

অৱশ্যে লীনা দলেয়ে এই প্ৰস্তাৱ প্ৰত্যাখান কৰি এই সন্দৰ্ভত অসম আৰক্ষী সঞ্চালকপ্ৰধানৰ ওচৰত পত্ৰযোগে অভিযোগ দাখিল কৰিছিল।

লগতে চাওকঃ

যিদিনাই আপুনি পিন্ধি থকা পেণ্টটো টান হোৱা বুলি অনুভৱ কৰে, সেইদিনাই শৰীৰ চৰ্চা আৰম্ভ কৰকঃ মুখ্যমন্ত্ৰী

g5 2
লীনা দলেক নগাঁৱৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি 4

Leave a Comment