অসম

যিদিনাই আপুনি পিন্ধি থকা পেণ্টটো টান হোৱা বুলি অনুভৱ কৰে, সেইদিনাই শৰীৰ চৰ্চা আৰম্ভ কৰকঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। ‘যিদিনাই আপুনি অনুভৱ কৰে যে আপোনাৰ পিন্ধি থকা পেণ্টটো অলপমান টান হৈছে, সেইদিনাই আপুনি আৰক্ষী ৰিজাৰ্ভলৈ উভতি যাওক আৰু কচৰৎ কৰক, যাতে আপুনি আপোনাৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে।’

– নেপাৰ দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম আৰক্ষীলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীৰ প্ৰতি আহ্বান জনাই কয় যে আৰক্ষী হোৱা মানেই মদ খাব লাগিব বুলি কোনো কথা নাই, আৰক্ষী মানেই শকত হ’ব লাগিব বুলি কোনো কথা নাই।

নিজৰ শৰীৰটোক ভাল পাব লাগিব আৰু কৰ্তব্যৰ শেষ দিনটোলৈকে শৰীৰৰ ওজন একেদৰেই ৰাখিব পাৰিব লাগিব। তেতিয়াহে স্মাৰ্ট পুলিচ আৰু নতুন দিনৰ আৰক্ষী হব পাৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিসকলে নিজক ভাল পায়, তেওলোকে সমাজকো ভাল পায়। যিসকলে নিজে মদ নাখাই, তেওঁলোকে আনকো মদ খাবলৈ নিদিয়ে আৰু যিসকলে শৰীৰটোক ভাল পায়, তেওঁলোকে আনক ড্ৰাগছৰ দৰে বৰবিহ সেৱন কৰিবলৈ কেতিয়াও নিদিয়ে।

উল্লেখ্য যে, মেঘালয়ৰ উকিয়ামস্থিত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীত প্ৰশিক্ষণ সমাপ্ত কৰা ৫৭৮ গৰাকী কেডেট উপ-পৰিদৰ্শকৰ বাবে অনুষ্ঠিত পাছিং আউট পেৰেডত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

এই অনুষ্ঠানতে ভাষণ প্ৰদানৰ সময়ত কেডেট সকলক নিজৰ শৰীৰৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে চাওকঃ

যিদিনা নিশা এগৰাকী মহিলাই থানাত এজাহাৰ দিবলৈ নিৰ্ভয়ে আহিব, সেইদিনাই বুজিম অসম আৰক্ষী প্ৰকৃততে জনহিত জনসেৱাৰ্থেঃ মুখ্যমন্ত্ৰী

460

Leave a Reply

Your email address will not be published. Required fields are marked *